অসম

ৰহাৰ খলিহামাৰীত জ্বলা-কলা খোৱাইছে পথৰ দুৰৱস্থাই, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰহাৰ খলিহামাৰী অঞ্চলৰ একাংশ জনসাধাৰণক। পথ নহয় যেন পথাৰহে। খলিহামাৰীৰ কপিলী মথাউৰি সংযোগী পথৰ দুৰৱস্থাই সকলো লোককে চিন্তাত পেলাইছে।

প্ৰায় আধা কিলোমিটাৰ দৈঘ্যৰ এই বিধ্বস্ত পথচোৱাই যমৰ যাতনা ভোগাইছে ইয়াৰ বাসিন্দাসকলক। একাঠু পৰ্যন্ত বোকা হৈ পৰা পথটোৰ ওপৰেৰে অহা যোৱা কৰা অতি দুৰ্বিসহ হৈ পৰিছে।

আনকি বৰষুণৰ বতৰত ছাত্ৰ ছাত্ৰীও স্কুল কলেজলৈ যাব নোৱাৰা হয়। তেনেই বিধ্বস্ত হৈ পৰা এই পথচোৱা পকীকৰণ কৰি যাতায়াত সুচল কৰিবলৈ গড়কাপ্টানি বিভাগ তথা চৰকাৰক দাবী জনাইছে স্থানীয় বাসিন্দাসকলে।