অসম

ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ ধৰমতুল আঞ্চলিক বন বিভাগৰ সফল অভিযান। বুধবাৰে নিশা ধৰমতুলৰ বনাঞ্চলিক বিষয়া সঞ্জীৱ বৰদলৈৰ নেতৃত্বত বন কৰ্মীয়ে চলোৱা এক অভিযানত ৰহাৰ সৰিয়হতলীৰ পৰা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চোৰাং কাঠ।

গোপন সুত্ৰৰ ভিত্তিত ধৰমতুল বন বিভাগে সৰিয়হতলীৰ এখন কল বাগানৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে চোৰাং শাল আৰু চেগুন কাঠখিনি। কোনো চোৰাং কাঠ বেপাৰীয়ে গোপনে কল বাগানখনত মজুত কৰিছিল চোৰাং কাঠখিনি।

ইয়াৰ পূৰ্বেও বন বিভাগে এই কল বাগানখনৰ ভিতৰৰ পৰা লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ কৰিছিল। কিন্তু আজিকোপতি কোনো চোৰাং বেপাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই।

ইফালে শেহতীয়াকৈ দুজন দুৰ্ধৰ্ষ চোৰাং কাঠ বেপাৰীয়ে বন বিভাগৰ ওচৰত আত্মসমৰ্পন কৰিছে যদিও একাংশ চোৰাং বেপাৰীয়ে অব্যাহত ৰাখিছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা।