অসম

তেজৰ কৰ্কট ৰোগত আক্ৰান্ত ৰহাৰ এটি ৪ বছৰীয়া কণমানি, পৰিয়ালৰ সহায়ৰ আহ্বান, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ চাপৰমুখৰ এটি ৪ বছৰীয়া শিশু আক্ৰান্ত হৈছে তেজৰ কৰ্কট ৰোগত। ব্লাড কেন্সাৰত আক্ৰান্ত শিশুটিৰ নাম ডেভিদ শীল। চাপৰমুখৰ বাপন শীল নামৰ লোকজনৰ পুত্ৰ চাৰি বছৰীয়া ডেভিদৰ তেজত ধৰা পৰিছে মাৰাত্মক কৰ্কট ৰোগ।

একমাত্ৰ সন্তান ডেভিদৰ এই ৰোগ ধৰা পৰাত হাহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত। টেম্প' চলাই কোনোমতে পৰিয়ালটো পোহপাল দিয়া দৰিদ্ৰ বাপনৰ এতিয়া চকুলোৰে বাট নেদেখা অৱস্থা। পুত্ৰক উন্নত চিকিৎসাৰ বাবে হাতত নাই ধন, নাই সা-সম্পত্তি।

গুৱাহাটীৰ চিকিৎসকে চেন্নাইৰ এপল' হাস্পতাললৈ নিবলৈ পৰামৰ্শ দিছে। কিন্তু পৰ্যাপ্ত ধনৰ অভাৱ বাপনৰ। বাপন নিজেও যকৃত ৰোগত আক্ৰান্ত। সেয়ে ভাগি পৰা বাপনে হাত পাতিছে ৰাইজৰ ওচৰত।

ইতিমধ্যে ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ লগতে দুই চাৰি সুহৃদয় লোকে শিশুটিৰ চিকিৎসাৰ বাবে আগবঢ়াইছে ধন। সেয়া পৰ্যাপ্ত নহয়। তথাপি সেই ধনেৰে বাপনে শিশুটিৰ চিকিৎসাৰ বাবে ওলাইছে চেন্নাইলৈ।

কোনো লোকে নিস্পাপ শিশুটিৰ চিকিৎসাৰ বাবে সহায় কৰিব বিছাৰিলে ষ্টেট বেংকৰ ৰহা শাখাৰ 30818181597 (IFSC-SBIN 0002103) নম্বৰত ধন দিবলৈ অনুৰোধ জনাইছে বাপনে। নাইবা ৮৮৭৬১১৩৩৭১ নম্বৰত যোগাযোগ কৰিব পাৰিব বাপনৰ লগত।