অসম

ৰহাৰ গছপৰাত শিশু পুথিভঁড়াল মুকলি, শিশুৰ কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ লক্ষ্যৰে শিশুৰ গীত-মাত, ৰং আৰু সাধুৰ ধেমালি…

asomiyapratidin


ডিজিটেল সংবাদ, ৰহাঃ নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ গছপৰা জ্ঞানপীঠ জাতীয় বিদ্যলয়ত শনিবাৰে এটি শিশু পুথিভড়াল মুকলি কৰে- নব্বৈ দশকত মধ্য অসমত জাতীয় বিদ্যালয় স্থাপনত গুৰুত্ব প্ৰদান কৰি মধ্য অসমত আগভাগ লোৱা মধ্য অসম জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ প্ৰাক্তন সম্পাদক, শিশুবন্ধু দুলাল বৰাই আৰু গীত-মাত, ৰং আৰু সাধুৰ ধেমালি শীৰ্ষক অনুষ্ঠানটি শুভ উদ্ধোধন কৰে ইউৰোপ, ৰাছিয়া, ইজিপ্ত, ভিয়েটনাম, ডুবাই, গ্ৰীচ, থাইলেণ্ড, আমেৰিকা আদি ২২ খন দেশত গৈ সেই দেশ সমূহৰ শিল্প ৰসিক সকলৰ মাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰশিল্প আৰু পুথি চিত্ৰৰ চিত্ৰ অংকনৰে চিনাকী কৰি দিয়া চিত্ৰ শিল্পী সুজিত দাসে।

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ কেশৱানন্দ কাকতি আৰু জ্যেষ্ঠ শিক্ষক পদুম নাথে সঞ্চালনা কৰা গীত-মাত, ৰং আৰু সাধুৰ ধেমালিৰ অনুষ্ঠানটিত দুই শতাধিক শিশুৱে অংশ গ্ৰহণ কৰে। অনুষ্ঠানত অংশ লোৱা প্ৰতিজন শিশুৰ হাতত একোখনকৈ শিশু পুথি তুলি দি শিশু বন্ধু দুলাল বৰাই কয়, "কিতাপ পঢ়ি জগত খন চিনিব পাৰি আৰু কিতাপ পঢ়ি জগত জয় কৰিব পাৰি। গতিকে আমাৰ শিশু সকলে যিমান পাৰে সিমান কিতাপ পঢ়ক। অভিভাৱক সকলেও নিজৰ সন্তান সকলক বিদ্যালয়ৰ পাঠ্যপুথিৰ উপৰি বছৰটোত কমেও কুৰিখন কিতাপ বিচাৰি আনি পঢ়িবলৈ দিয়াৰ ব্যৱস্থা কৰিব লাগে। তেতিয়াহে আমাৰ সমাজত ব্যাপক ৰূপ ধাৰণ কৰা যুৱ উশৃংখলতা দূৰ হ'ব।"

ইফালে আন্তজাতিক খ্যাতি সম্পন্ন চিত্ৰশিল্পী সুজিত দাসে "চিত্ৰকৰৰ চিত্ৰৰ ভাষা বিশ্ববাসীয়ে বুজে, বিশ্ববাসীক ছবিৰে মনৰ ভাৱ বুজাব পাৰি" বুলি বক্তব্য ডাঙি ধৰাৰ লগতে শিশু সকলক ছবি অকাঁ আৰু ছবিৰ কোন অংশত কি ৰং সানিলে ছৱি একোখন দেখিবলৈ ধুনীয়া হয় সেই সম্পৰ্কে শিক্ষা প্ৰদান কৰে।শিশুৰ এই অনুষ্ঠানত সমবেত সংগীতো পৰিবেশন কৰা হয়। অনুষ্ঠানত অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক সকলৰ লগতে শতাধিক অভিভাৱকে অংশ গ্ৰহণ কৰে।