অসম

ৰহাৰ বাৰপূজীয়াত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বাৰপূজীয়াত জোঁৰ সমদল। বাৰপূজীয়া নাগৰিক সমাজৰ উদোগত উলিওৱা এই সমদলত অংশগ্ৰহণ কৰি শতাধিক পুৰুষ মহিলাই হাতে হাতে জোৰ লৈ বাৰপূজীয়াৰ স্বহীদ হেমৰাম পাটৰ স্মৃতি সৌধৰ পৰা সমদল আৰম্ভ কৰি সমগ্ৰ বাৰপূজীয়া অঞ্চলত কেবৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰীসকলে কেব আমাক জাপি দিব নোৱাৰিব, মোডী চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰ মুৰ্দাবাদ, জাতীয় নায়কৰ মুখাপিন্ধা সৰ্বানন্দ হায় হায়, হিমন্ত বিশ্ব হায় হায়, অসমত বাংলাদেশী প্ৰীতি নচলিব আদি ধ্বনি দিয়ে।

এই জোঁৰ সমদলত বাৰপূজীয়া অঞ্চলৰ সকলো ৰাইজে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয়। আনহাতে দেওবাৰেও প্ৰায় ১১বজাত ৰহাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে এক প্ৰতিবাদী সমদলেৰে কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

ছাত্ৰ-ছাত্ৰীসকলে ৰহা মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰা প্ৰতিবাদী সমদলত কেবৰ বিৰোধিতাৰে বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি ৰহাৰ বিভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰে৷