অসম

চিকিৎসালয়ৰ পৰা নিছিল বেজৰ ওচৰলৈ, সৰ্প দংশনত মৃত্যু ৰহাৰ বিবেক নাথৰ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ দগাৱঁত অঘটন। বিষাক্ত সৰ্প দংশনত মৃত্যু হৈছে এজন যুৱকৰ। মৃত যুৱকজনৰ নাম বিবেক নাথ।

জানিব পৰা মতে বিবেকে নৱ বিবাহিতা পত্নীৰ সৈতে বৃহস্পতিবাৰে নিশা ঘৰৰ বাহিৰলৈ গৈছিল। সেই সময়তে এডাল বিষাক্ত সাপে দংশন কৰে বিবেকক। লগে লগে বিবেকক নিশাই নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসকে এণ্টি ভেনম বেজী দিয়ে।

পিচত পৰিয়ালৰ লোকে বিবেকক চিকিৎসালয়ৰ পৰা আনি মৰিগাৱঁৰ এজন বেজৰ ওচৰলৈ লৈ যায়। কিন্তু পুৱা বিবেকৰ মৃত্যু হয়। তাৰ পিচতো অন্য বেজ আনি জৰা ফুকা কৰে যদিও প্ৰাণ দিব নোৱাৰিলে বিবেকক।