অসম

ৰহাত তীব্ৰবেগী ট্ৰাকৰ খুন্দা পথাচাৰীক, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ ৰহাত বুধবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ৰহা মহাবিদ্যালয়ৰ সন্মুখত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এজন পথাচাৰী।

ৰহাৰ গড়মাৰীৰ টুটুমনি দাস নামৰ যুৱকজনে বজাৰ কৰিবলৈ ঘৰৰ পৰা চাইকেলেৰে আহি ৰহা মহাবিদ্যালয়ৰ সন্মুখত ৰাষ্ট্ৰীয় পথ পাৰ হ'বলৈ লওঁতেই নগাৱঁৰ পৰা গুৱাহাটী অভিমুখী এএছ০১ইচি৬৩২৩ নম্বৰৰ তীব্ৰবেগী ট্ৰাকখনে যুৱকজনক মহতিয়াই লৈ যায়।

ট্ৰাকে খুন্দিওৱাৰ পিচতে গুৰুতৰভাৱে আহত হয় টুটুমনি দাস। পিচত অতি সংকটজনক অৱস্থাত যুৱকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখনৰ চালকজনে ট্ৰাক এৰি পলায়ন কৰে।