অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চাপৰমুখত জোঁৰ সমদল, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ কেবক লৈ উত্তাল চৌদিশ। ৰাজ্যৰ গাৱেঁ-ভূঞে দেখিবলৈ পোৱা গৈছে কেবৰ বিৰুদ্ধে প্ৰতিবাদ। নিতৌ সন্ধিয়া কেবৰ বিৰুদ্ধে জ্বলিছে জুই। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰহাৰ চাপৰমুখতো বিশাল জোঁৰ সমদল।

সদৌ অসম ছাত্ৰ সন্থাৰ চাপৰমুখ আঞ্চলিক সমিতি আৰু ৰহা আঞ্চলিক সমিতিৰ উদ্যোগত শ শ লোকে দেওবাৰে সন্ধিয়া জোঁৰ সমদল উলিয়াই বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে ঘোৰ প্ৰতিবাদ সাব্যস্ত কৰে। ডবা, শংখ লৈ ৰাজপথলৈ সহস্ৰাধিক প্ৰতিবাদকাৰী ওলাই আহে। প্ৰচণ্ড শীতকো নেওচি কেবৰ বিৰুদ্ধে ওলাই আহিছে জীয়ৰী বোৱাৰী, জ্যেষ্ঠ নাগৰিক সমাজ।

সকলোৰে মুখত কেৱল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ধ্বনি। সকলোৱে বজাইছে ৰণডংকা। উত্তাল হ'ল চাপৰমুখ। প্ৰতিবাদকাৰীসকলে বিধেয়কখন বাতিল নকৰিলে যুদ্ধ কৰিবলৈ সাজু আছে বুলিও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক হুংকাৰ দিয়ে। এই জোঁৰ সমদলত তিৱা ছাত্ৰ সন্থা, শিখ সমাজ, নাথ যোগী ছাত্ৰ সন্থা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদকে ধৰি অঞ্চলৰ সাধাৰণ নাগৰিকেও অংশগ্ৰহণ কৰে।