অসম

ৰহাত এগৰাকী ১০৫ বছৰীয়া আইতাৰ ব্যতিক্ৰমী জন্মদিন, শ শ শুভাকাংক্ষীৰ সন্মুখত কাটিলে কেক, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ এগৰাকী ১০৫ বছৰীয়া আইতা। আপুনি দেখিলে হয়তো অনুমান কৰিব নোৱাৰিব আইতাৰ বয়স এশ পাঁচ বছৰ বুলি। আইতাৰ চুলি এতিয়াও অৰ্ধ শতাংশই পকা নাই। এই বয়সতো আইতাৰ দাঁত মজবুট।

ৰহাৰ চাপৰমুখ চকিয়াল গাঁৱৰ এই আইতা গৰাকীৰ নাম অকনি বৰুৱা। আইতাৰ জন্ম হৈছিল ১৯১৪ চনত নগাঁৱৰ উৰিয়া গাঁৱত। তেৰ বছৰ বয়সতে আইতা বিয়া হৈছিল চাপৰমুখ চকিয়াল গাৱঁৰ মুক্তি যুঁজাৰু, স্বাধীনতা সংগ্ৰামী মীনাৰাম বৰুৱাৰ লগত। তিনিটা সন্তান আৰু চাৰিজনী ছোৱালী জন্ম দিলে আইতাই।

আইতাৰ স্বামী কেতিয়াবাই ঢুকাল, চাকৰি জীৱনৰ পৰা অৱসৰ ল'লে আইতাৰ সন্তানে। দুজন পুত্ৰও ঢুকাল। বৃদ্ধ হ'ল আইতাৰ জী-জোঁৱাই। আইতা কিন্তু আজিও তজবজীয়া।

বাৰ্দ্ধক্যই চুলেও আইতাৰ শৰীৰত নাই কোনো ৰোগ। মুক্তি যুঁজাৰুৰ পেন্সন ল'বলৈ আইতা নিজেই যায় বেংকলৈ। অবশ্যে কম শুনে আইতাই। প্ৰবল ঈশ্বৰ ভক্তি থকা নিৰক্ষৰ আইতাৰ পৰিমিত আহাৰ আৰু পৰিস্কাৰ পৰিচ্ছন্নতাই সু-স্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ মূল মন্ত্ৰ।

দেওবাৰে আইতাৰ বৃহৎ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে উলহ-মালহেৰে উদযাপন কৰিলে আইতাৰ ১০৫ বছৰীয়া জন্মদিন। আবাল বৃদ্ধ-বৃদ্ধায়ো আহি আইতাক জনালে জন্ম দিনৰ শুভেচ্ছা। যাচিলে উপহাৰ।

ৰহা আঞ্চলিক সাংবাদিক সন্থায়ো গামোচা আৰু ফুলৰ থুপাৰে আইতাক জনালে জন্মদিনৰ ওলগ। আইতা আৰু দীৰ্ঘজীৱি হওক তাৰে কামনা কৰিলে সকলোৱে।