অসম

বহু চৰ্চিত ৰাফেল বিমান ক্ৰয় চুক্তিৰ সাক্ষী অসম কন্যা…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰত-ভূটান সীমান্তৱৰ্তী ওদালগুৰিৰ পানেৰীৰ নাম ৰাফেল যুদ্ধিবিমান নিৰ্মাণকাৰী প্ৰতিষ্ঠান ডিছল্ট এভিয়েশ্যনৰ সৈতে সাঙোৰ খাই পৰিছে। ইয়াক লৈ গৰ্বিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ। লক্ষনীয় যে, ১৯২৯ চনতে ফ্ৰান্সত প্ৰতিস্হা কৰা এই ডিছল্ট এভিয়েশ্যন ৰ ভাৰতৰ ৰাফেল ক্ৰয় সম্পৰ্কীয় চুক্তিৰ বিতৰ্কই  বিশ্বজুৰি পৰিচয় প্ৰদান কৰিছিল।

২০১৮ চন পৰ্যন্ত বিশ্বৰ চীন, গ্ৰীচ, মালয়েচিয়া, ওমান আৰু ৰাছিয়াত বিপণন কেন্দ্ৰ থকা আৰু ১২,৭৫৭ গৰাকী কৰ্মচাৰীৰে প্ৰায় ১৬,৯৭৩ বিলিয়ন ইউৰো সম্পত্তিৰ অধিকাৰী প্ৰতিস্থানটোৰ ভাৰতত বিগত আঠোটা দশকত নাছিল কোনো কাৰ্যালয়। নতুন দিল্লীৰ প্ৰতিৰক্ষা কলনিৰ এ ব্লকত থকা এভিয়েচন কনচাল্ট কেন্দ্ৰটোৱেই প্ৰথম কাৰ্যালয়। নকলেও চলে প্ৰতিস্হানটোৰে ভাৰতৰ ৩৬ খন যুদ্ধবিমান ক্ৰয়ৰ বৃহৎ লেনদেনৰ বাবেহে এই কেন্দ্ৰটো গঢ়ি তোলা হৈছিল।

তাৎপৰ্যপূৰ্ণভাৱে এই কেন্দ্ৰটোৰ যোগেদি প্ৰতিস্হানটোৱে চলোৱা প্ৰায় ৫৯ হাজাৰ কোটি টকীয়া লেনদেনৰ সাক্ষী হৈ ৰ'ল পানেৰীৰ গীতিমা। বিগত ৭ বছৰে কেন্দ্ৰটোৰ প্ৰশাসনিক দিশৰো চোৱাচিতাৰ বাবে প্ৰশাসক হিচাবে নিযুক্ত গীতিমা। স্কুলীয়া শিক্ষা সাং কৰি পাচলৈ গুৱাহাটীত অধ্যয়ন কৰে আৰু ফ্ৰেংকফিন ইনষ্টিটিউট অৱ এয়াৰ হষ্টেজ ট্ৰেইনিঙৰ পৰা উৰ্ত্তীন হৈ ইণ্ডিগ' আৰু পাছলৈ কিংফিচাৰ এয়াৰলাইনচত যোগদান কৰে। ২০১৩ চনত ডিছল্ট এভিয়েচনৰে জড়িত হয়।