অসম

গোৱালপাৰাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত সৰ্বমুঠ ৬৫:৮১% ভোট গ্ৰহণ

asomiyapratidin

ডিজিটেল সংবাদ, দুধনৈঃ ৰাজ্যখনৰ সোণোৱাল-কছাৰী, মিছিং স্বায়ত্ত শাসিত পৰিষদসহ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদতো সোমবাৰে অনুষ্ঠিত হয় পৰিষদীয় নিৰ্বাচন। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ৩৬টা পৰিষদীয় সমষ্টিৰ ভিতৰত গোৱালপাৰা জিলাত ২০টা সমষ্টিত অনুষ্ঠিত হয় পৰিষদীয় নিৰ্বাচন। জিলাখনৰ ৩৯১খন গাঁৱক সামৰি গঠিত হোৱা ২০টা সমষ্টিৰ ৩৯২ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হয়।

সোমবাৰে পুৱা ৭ বজাৰ পৰা ভোটাৰসকলে স্বতঃস্ফূৰ্টভাৱে ভোট কেন্দ্ৰসমূহলৈ ওলাই আহে আৰু শাৰীপাতি বিয়লি ৩ বজালৈ ভোটদান কৰে। গোৱালপাৰা জিলাৰ ২০টা সমষ্টি ক্ৰমে- ১ নং ধূপধৰা, ২ নং কোঠাকুঠি, ৩ নং ধনুভাঙা, ৪নং ৰংজুলি, ৫ নং কুশধোৱা-দৰংগিৰি, ৬ নং উত্তৰ দুধনৈ, ৭নং দক্ষিণ দুধনৈ, ৮নং বান্দৰ্শি, ৯ নং মাজজাখিলী, ১০নং শালপাৰা, ১১ নং ডিৰ্মা জাখিলী, ১২নং হাব্ৰাঘাট, ১৩ নং পূব-অজগৰ, ১৪ নং জিনাৰী, ১৫নং আগিয়া, ১৬নং দ্বাৰকাষ ১৭নং বৰদামনি-কল্যাণপুৰ, ১৮নং দাৰিদুৰি, ১৯নং দ'দান আৰু ২০নং জয়ৰামকুচী সমষ্টি।

উল্লেখ্য যে, এই ২০টা পৰিষদীয় সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ মুঠ ৪৮গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হয়। ইয়াৰে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ ১৮গৰাকী, কংগ্ৰেছৰ ২০গৰাকী, বিজেপিৰ ২গৰাকী, অগপৰ ২গৰাকী আৰু নিৰ্দলীয় হিচাপে ৬গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে।

ইফালে, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক তথা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই দুধনৈৰ বালিচাৰা চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় ভোটকেন্দ্ৰত ভোটদান কৰে। ভোটদান কৰি মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ৰাভা হাছং পৰিষদীয় সাধাৰণ নিৰ্বাচনত পৰিষদীয় এলেকাৰ ৰাইজৰ আশা-আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰাৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা যৌথ সংগ্ৰাম সমিতিয়ে পুনৰ পৰিষদ গঠন কৰিব বুলি দৃঢ়তাৰে কয়। লগতে ৰাভা হাছঙত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হোৱা বাবে জিলা প্ৰশাসন, নিৰ্বাচনী বিষয়া-কৰ্মচাৰী আৰু ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।

গোৱালপাৰা জিলাৰ ২০ টা পৰিষদীয় সমষ্টি সৰ্বমুঠ ৩৯২ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ হয় ক্ৰমে ১নং ধূপধৰা পৰিষদীয় সমষ্টি (অসংৰক্ষিত মহিলা) ৬৫:১৩% , ২ নং কোঠাকুঠি (জনজাতি মহিলা) ৫৯:৭৯%, ৩ নং ধনুভাঙা (জনজাতি সংৰক্ষিত) ৭৪:৫২%, ৪ নং ৰংজুলি (জনজাতি সংৰক্ষিত) ৭৪:৪৪%, ৫ নং দৰংগিৰি কুশধোৱা (জনজাতি সংৰক্ষিত) ৬৬:৯৬%, ৬ নং উত্তৰ দুধনৈ (অসংৰক্ষিত) ৬৯:৭৮%, ৭ নং দক্ষিণ দুধনৈ (জনজাতি সংৰক্ষিত) ৭০:১০%, ৮ নং বান্দৰ্ষি (জনজাতি মহিলা) ৬২:৮২%, ৯ নং মাজ-জাখিলি (অসংৰক্ষিত) ৬৮:৮৮%, ১০ নং শালপাৰা (অসংৰক্ষিত) ৭৬:৪৪%, ১১ হাব্ৰাঘাট (অসংৰক্ষিত) ৫৬:৪১%, ১২ ডিৰ্মাজাখিলী(জনজাতি) ৬২:৯৩%, ১৩ পূৱ অজগড় (জনজাতি) ৫২:৯৬%, ১৪ জিনাৰী (জনজাতি সংৰক্ষিত) ৩৯:০১%, ১৫ আগিয়া (অসংৰক্ষিত মহিলা ৪৯:৮১%, ১৬ দ্বাৰকা (জনজাতি সংৰক্ষিত) ৭৪:৮৪%, ১৭ বৰদামাল- কল্য়ানপুৰ (জনজাতি) ৭৫:৯৯%, ১৮ দাৰিদুৰী (জনজাতি মহিলা) ৭৫%, ১৯ দদান (জনজাতি সংৰক্ষিত) ৭৪:৫১%, ২০ জয়ৰামকুছি (জনজাতি সংৰক্ষিত) পৰিষদীয় সমষ্টিত ৭১:৫২% ভোটধিকাৰ সাৱ্যস্ত হয়।

উল্লেখ্য যে, গোৱালপাৰা জিলাৰ ৰাভা হাছং এলেকাত সৰ্বমুঠ ২,২১,২৩৬ গৰাকী ভোটাৰ আছিল ৷ ইয়াৰে পুৰুষৰ ভোটাৰ সংখ্যা ১,০৯,৮৯৫ৰ বিপৰীতে মহিলাৰ ভোটাৰ সংখ্যা ১,১১,৩৩৩ গৰাকী ৷ সমগ্ৰ কেন্দ্ৰত সৰ্বমুঠ ৬৫:৮১ শতাংশ ভোট গ্ৰহণ হয় গোৱালপাৰাত৷