অসম

টিহুত ৰাভা দিৱস পালন, শ্ৰেষ্ঠ পুৰুষক সন্মান জনাব নজনা জাতিৰ জীৱন তেনেই চুটিঃ পবিন্দ্ৰ ডেকা

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ টিহু মহকুমাৰ বিভিন্ন ঠাইত বৃহস্পতিবাৰে ৰূপান্তৰৰ শিল্পী বিষ্ণু প্ৰসাদ ৰাভা দিৱস পালন কৰা হয়। টিহু সাহিত্য সভাৰ উদ্যোগত আৰু টিহুৰ জাতীয় বিদ্যালয়ৰ সহযোগত বিদ্যালয় চৌহদত আয়োজিত বিষ্ণু ৰাভা দিৱস উপলক্ষে পুৱাৰ ভাগত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত হোৱা বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতা উদ্বোধন কৰে সংগীত শিল্পী মনোৰঞ্জন ডেকাই।

ইয়াৰ পাছতে 'কলাগুৰু স্মৰণ' অনুষ্ঠানত পৌৰোহিত্য কৰে টিহু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সোমনাথ ডেকাই। বিদ্যালয়ৰ শিক্ষাৰ্থী–শিক্ষকবৃন্দৰ দ্বাৰা পৰিৱেশিত শীৰ্ষক বৃন্দ সংগীতৰ লগে লগে আৰম্ভ হোৱা এই অনুষ্ঠানত বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ ওচৰত বন্তি প্ৰজ্বলন কৰে টিহুৰ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক ধৰণী ডেকাই। প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে টিহু মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ ভৱেশ চন্দ্ৰ দাসে।

এই অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৰুণাকান্ত কলিতাই বিশিষ্ট আলহী হিচাপে ভাগ লৈ বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনৰ দীঘ–বাণী বহলাই ব্যাখ্যা আগবঢ়ায়। টিহু সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই সভাৰ উদ্যেশ্য ব্যাখ্যা আগবঢ়োৱাৰ লগতে আঁত ধৰা আৰু শিক্ষয়িত্ৰী দীপাঞ্জলি পাঠক, পাৰুল গোস্বামী, ঋতা গোস্বামী, মণিমালা ভট্ট, ভণিতা লহকৰ আৰু সংগীতা দেৱীয়ে পৰিচালনা কৰা অনুষ্ঠানটোত জনপ্ৰিয় কুইজাৰ্ড নিৰঞ্জন গোস্বামীয়ে শিক্ষাৰ্থীসকলৰ মাজত বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন-কৰ্ম বিষয়ক কুইজ পৰিচালনা কৰাৰ লগতে ঋতা গোস্বামীয়ে কলাগুৰুৰ আধাৰত ৰচিত কবিতা আবৃত্তি কৰে।

অসম সংগীতেৰে দিৱসৰ সমাপন কৰা হয়। আকৌ জলখানা-ভঠুৱাখানা সাহিত্য সভাই আয়োজন কৰা ৰাভা দিৱসৰ কাৰ্যসূচীত পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী পবিন্দ্ৰ ডেকাই অংশ লৈ কয় যে, "যি জাতিয়ে নিজৰ জাতিৰ শ্ৰেষ্ঠ পুৰুষসকলক সন্মান জনাব নাজানে সেই জাতিৰ জীৱন তেনেই চুটি।" জলখানা- ভঠুৱাখানা ৰাজহুৱা সভাগৃহত অনুষ্ঠিত এই কাৰ্যসুচীত বিধায়ক ডেকাই আৰু কয় যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে থানবান হৈ যোৱা বৃহত্তৰ অসমীয়া জাতিটোক ঐক্যবদ্ধ কৰি বৰ অসম গঢ়িছিল।

শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিটোক সৰ্বদিশতে নতুন জ্ঞানৰ সন্ধান দিওঁতা বুলি উনুকিয়াই বিধায়ক গৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱক অসমীয়া জাতিৰ শ্ৰেষ্ঠ পুৰুষ আৰু পিতৃপুৰুষ বুলি অভিহিত কৰে। বিধায়ক ডেকাই লগতে কয় যে, পৰৱৰ্তী সময়ত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই বৃহত্তৰ অসমৰ জাতি জনগোষ্ঠী সমূহক ঐক্যবদ্ধ কৰাৰ উপৰি সাহিত্য সংস্কৃতিৰ দিশত জাতিটোক বাৰুকৈয়ে চহকী কৰিছে। সেয়ে বিষ্ণু প্ৰসাদ ৰাভা অসমীয়া জাতিৰ দ্বিতীয় শ্ৰেষ্ঠ অসমীয়া পুৰুষ বুলি ডেকাই মন্তব্য কৰে।

জলখানা ভঠুৱাখানা সাহিত্য সভাৰ সভাপতি প্ৰিয় নাথ ডেকাৰ সভাপতিত্বত হোৱা এই অনুষ্ঠানত বিধায়ক ডেকাই সাম্প্ৰতিক সময়ত নৱ প্ৰজন্মৰ মাজৰ পৰা শংকৰদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভাৰ দৰে একোগৰাকী শ্ৰেষ্ঠ পুৰুষ সৃষ্টি কৰি "শংকৰ-জ্যোতি-বিষ্ণু"ৰ আদৰ্শক জীয়াই ৰাখি থান বান হ'বলৈ ধৰা অসমীয়া জাতিটোক ৰক্ষা কৰিব লাগিব বুলি কয়। জলখানা-ভঠুৱাখানা সাহিত্য সভাৰ সম্পাদক কান্তেশ্বৰ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু জলখানা-ভঠুৱাখানা হাইস্কুলৰ শিক্ষক কল্যাণ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত টিহু মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ মহেশ চন্দ্ৰ শৰ্মাই কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন আদৰ্শৰ বিষয়ে আলোক পাত কৰে।

অনুষ্ঠানত জলখানা-ভঠুৱাখানা হাইস্কুলৰ প্ৰধান শিক্ষক দিলীপ কুমাৰ ভাগৱতী, জলখানা-ভঠুৱাখানা জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক শৈলেন ডেকাকে ধৰি ভালে সংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থকা অনুষ্ঠানত পৰীস্মিতা শৰ্মা সম্পাদিত "গতি" নামৰ হাতে লিখা গ্ৰন্থখনো উন্মোচন কৰে বিধায়ক পবিন্দ্ৰ ডেকাই। অনুষ্ঠানত ৰাভা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ বঁটা প্ৰাপ্ত সকলক বঁটা বিতৰণ কৰা হয়।

অনুষ্ঠানৰ পূৰ্বে ৰাভাৰ প্ৰতিচ্ছবিৰ ওচৰত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইপিনে, নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত টিহুৰ হাৰিভাঙাত বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ ৰাভা দিৱসৰ কাৰ্যসূচী আৰম্ভ হৈছে। টিহু ছোৱালী হাইস্কুলৰ শিক্ষাৰ্থী সকলেও ভিন ভিন কাৰ্যসূচীৰে ৰাভা দিৱসৰ কাৰ্যসূচী পালন কৰিছে। তদুপৰি মাখিবাহা গাঁও পঞ্চায়তৰ উদ্যোগতো মাখিবাহাত দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস পালন কৰা হয়। টিহু শাখা লেখিকা সমাৰোহ সমিতিয়েও টিহু মহাবিদ্যালয়ত ৰাভা দিৱসৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে।