অসম

বিজেপিক বিদায় দি জে ডি (ইউ)লৈ জাঁপ আৰ পি শৰ্মাৰ!

asomiyapratidin

ডিজিটেল ডেস্কঃ আনুষ্ঠানিকভাৱে বিজেপি এৰিলে তেজপুৰৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই। বিজেপি ত্যাগ কৰিম বুলি তেওঁৰ সিদ্ধান্ত পূৰ্বতে ঘোষণা কৰা আৰ পি শৰ্মাৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাছিল কেন্দ্ৰীয় নেতৃত্বই। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সৈতে হোৱা টেলিফোনিক কথোপকথনত ভৱিষ্যতৰ কাৰ্যপন্থা সন্দৰ্ভত আৰ পি শৰ্মাই কয়- কেইবাটাও ৰাজনৈতিক দলৰ সৈতে যোগাযোগ চলি আছিল যদিও, শেহতীয়াকৈ তেওঁ নীতিশ কুমাৰ নেতৃত্বাধীন জে ডি ইউতেই যোগদানৰ সিদ্ধান্ত লৈছে।

এই সন্দৰ্ভত আলোচনা চলা বুলিও তেওঁ জানিবলৈ দিয়ে। অন্তিম পৰ্যায়ত নীতিশ কুমাৰৰ সৈতে এক বৈঠকৰ পাছতেই সিদ্ধান্ত চূড়ান্ত কৰিব বুলি আৰ পি শৰ্মাই জনায়। অসমত জে ডি ইউৰ নেতৃত্ব তেওঁ ল'ব নেকি বুলি সোধাত, আৰ পি শৰ্মাই কয়- সেই দিশতেই চিন্তা চৰ্চা চলি আছে।

পূৰ্বতে বিজেপিৰ এজন শক্তিশালী মন্ত্ৰীৰ সৈতে প্ৰত্যক্ষ সংঘাতত নমা আৰ পি শৰ্মাই একেখন হাবিতে দুটা সিংহ নাথাকে বুলি মন্তব্য কৰিছিল। সেই কথা মনত পেলাই দিয়াত আৰ পি শৰ্মাই পুনৰ ক'লে- তেওঁ সিংহ হৈয়ে থাকিব বিচাৰে ৰাজনীতিত।

জে ডি ইউৰ অসমত ভেটি নাই বুলি উল্লেখ কৰি দলটোত তেওঁৰ যোগদানৰ পাছত বিজেপিৰ আন কোনো পুৰণি নেতা-কৰ্মীয়ে যোগদান কৰিব নেকি বুলি সোধাত আৰ পি শৰ্মাই তেনে সম্ভাৱনা নুই নকৰিলে।