অসম

অজগৰৰ নেজেৰে কাণ খজুৱাই তৃপ্তি লাভ কৰে এইগৰাকী বন বিষয়াই…

asomiyapratidin

ডিজিটেল সংবাদ, ওৰাংঃ এডাল প্ৰকাণ্ড অজগৰ সাপক লৈ এজন ব্যক্তিয়ে খেলা কৰিছে৷ লোকজন শোণিতপুৰৰ মিছামাৰীৰ গাভৰু বন কাৰ্যালয়ৰ বনকৰ্মী৷ কিন্তু অজগৰ সাপৰ নেজ কিয় কাণত লগাই তেওঁ কাণ পৰিস্কাৰ কৰিছে। সেয়া চাবৰ বাবে বহুলোকে ভিৰ কৰেহি লোকজনৰ চাৰিওকাষে।

উল্লেখ্য যে, সোমবাৰে শোণিতপুৰ জিলাৰ মিছামাৰীত এডাল প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ হয়। মিছামাৰীৰ ভাৰতীয় সেনা ছাউনীৰ ৫১০৪ নম্বৰত প্ৰকাণ্ড অজগৰ সাপডাল বিচৰণ কৰি থকা সেনা জোৱানসকলে প্ৰত্যক্ষ কৰে। পাছত ঘটনাৰ সন্দৰ্ভত সেনাৰ জোৱানসকলে গাভৰু খণ্ড বন বিষয়া কাৰ্যালয়ত খবৰ দিয়াত বনকৰ্মীসকল ঘটনাস্থলীত উপস্থিত হৈ অজগৰডাল উদ্ধাৰ কৰি সোনাই-ৰূপাই অভয়াৰণ্যত এৰি দিয়ে।

সাপডালৰ দৈৰ্ঘ্য প্ৰায় ৭-৮ ফুট আৰু ওজন প্ৰায় ২০-২৫ কিলোগ্ৰাম ওজন। ইফালে, এগৰাকী বনকৰ্মীৰ অদ্ভুত কাণ্ড দেখিবলৈ পোৱা গ'ল। গাভৰু খণ্ড বন বিভাগৰ কাৰ্যালয়ত কৰ্মৰত বনৰক্ষী গম্ভীৰ ডেকাই অজগৰৰ নেজেৰে কাণ খজুৱালে। সাপৰ নেজেৰে কাণ খজুৱালে কাণৰ বেমাৰ ভাল হয় বুলি ককা-আইতাৰ মুখত শুনিছিল আৰু সেই বিশ্বাস অনুসৰি তেনে কাৰ্য কৰা বুলি ডেকাই সদৰী কৰে।