অসম

পুৱাৰ খবৰ…

asomiyapratidin

১. ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৫৭৩ জন,৪ জনৰ মৃত্যু…

শুকুৰবাৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত হয় ৫৭৩ গৰাকী । কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১১৩ জন । কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় ৪ জনৰ ।ইফালে কামৰূপ মহানগৰ জিলাত ২৪৫ জন লোক শুকুৰবাৰে কোভিডত আক্ৰান্ত হোৱাৰ লগতে কামৰূপ গ্ৰাম্যত ৪৭ জন,নগাওত ৩৩ জন.শোনিতপুৰত ৩০ জন লোক কোভিডত আক্ৰান্ত হয় ।

২. উত্তৰ প্ৰদেশত দেওবাৰে লকডাউন ঘোষণা…

কোৰোনাৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত গ্ৰহন কৰে।সপ্তাহটোৰ প্ৰত্যেক দেওবাৰে উত্তৰ প্ৰদেশত জাৰি কৰা হৈছে সম্পূৰ্ণ লকডাউন।জৰুৰীকালীন সেৱাৰ বাহিৰে বাকী সকলো সেৱা বন্ধ থাকিব।বিনা মাস্কত থাকিলে প্ৰথমে ১০০০হাজাৰ আৰু তাৰ পাছত ১০গুণ পৰ্যন্ত বেছিকৈ জৰিমনা বিহিব প্ৰশাসনে।

৩. পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশনা…

দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমন । কোৰোনাৰ সংক্ৰমন বৃদ্ধিৰ বাবে পশ্চিমবংগ বিধানসভা নিৰ্বাচন সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচন আয়োগে । নিৰ্বাচন আয়োগে ভোটগ্ৰহন অনুষ্ঠিত হোৱাৰ ৭২ ঘন্টাৰ পূৰ্বে প্ৰচাৰ বন্ধ কৰিব লাগিব । আগতে এই সময় আছিল ৪৮ ঘন্টা । আনহাতে পশ্চিমবংগত সন্ধিয়া ৭ বজাৰ পৰা পুৱা ১০ বজালৈ ৰাজহুৱা সভা নিষিদ্ধ কৰা হৈছে ।

৪. ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰীৰ বিশেষ নিৰ্দেশনা…

দেশত কোভিডৰ বৰ্ধিত সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি ত্ৰিপুৰাৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহৰ শ্ৰেণী ১৭ এপ্ৰিলৰ পৰা স্থিগিত কৰা হৈছে । ত্ৰিপুৰাৰ শিক্ষা মন্ত্ৰী ৰতনলাল নাথে এই নিৰ্দেশনা জাৰি কৰে ।কোভিডৰ সতৰ্ক মূলক ব্যৱস্থা হিচাপে এই নিৰ্দেশনা দিয়ে শিক্ষা মন্ত্ৰী গৰাকীয়ে ।

৫. কোভিড প্ৰট'কল মানি নচলিলে লকডাউন ঘোষণা কৰিব লাগিব : অজিত পাৱাৰ

কোভিডৰ সংক্ৰমন বৃদ্ধিৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে কোভিডৰ প্ৰট'কল মানি চলিবলৈ আহ্বান জনাইছে জনসাধাৰণক । যদি কোভিড প্ৰট'কল মানি নচলে তেনেহ'লে ২০২০ বৰ্ষৰ বাবে লকডাউন ঘোষণা কৰিব লাগিব পাৰে বুলি মন্তব্য কৰে ৰাজ্য খনৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰে ।

৬. শনিবাৰে পশ্চিমবংগত পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহন…

শনিবাৰে পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহন অনুষ্ঠিত হ'ব । ৪৫ খন আসনত অনুষ্ঠিত হ'ব এই ভোটগ্ৰহন । পঞ্চম পৰ্যায়ৰ নিৰ্বাচন জলপাইগুৰি, কালিম্পং, দাৰ্জিলিং, নাদিয়া, উত্তৰ 24 পৰগণা, আৰু পূৰ্ণ বৰ্ধমান জিলাত অনুষ্ঠিত হ'ব ।

৭. নীৰৱ মোডীৰ প্ৰত্যাবৰ্তনৰ বাবে অনুমোদন ইউকেৰ গৃহ মন্ত্ৰনালয়ৰ…

নীৰৱ মোডীৰ প্ৰত্যাবৰ্তনৰ বাবে অনুমোদন প্ৰদান কৰে ইউকে গৃহ মন্ত্ৰনালয়ে । পঞ্জাৱ নেচনেল বেংকৰ কেলেংকাৰী গোচৰত আৰু ধন ৰপ্তানিৰ অভিযোগত অভিযুক্ত হীৰা ব্যৱসায়ী নীৰৱ মোডীৰ প্ৰত্যাবৰ্তনৰ সপক্ষে ইউকেৰ এখন আদালতে ২৫ ফেব্ৰুৱাৰীৰ ৰায় দিছিল।

৮. ১৫ মেলৈ বন্ধ থাকিব ৰংঘৰ,তলাতল ঘৰ

দেশত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমন ।কোভিডৰ ভয়াবহতাৰ বাবে ভাৰতীয় পুৰাতাত্বিক বিভাগৰ বিশেষ নিৰ্দেশনা ।পুৰাতাত্বিক বিভাগৰ অধীনস্থ সকলো স্থান ১৫ মেলৈ বন্ধ থাকিব ।অসমত কেন্দ্ৰীয় পুৰাতাত্বিক বিভাগৰ অধীনত আছে প্ৰায় ৫৫ টা স্থান ।
কেন্দ্ৰীয় পুৰাতাত্বিক বিভাগৰ অধীনত থকা ৰংঘৰ,তলাতল ঘৰ,বিষ্ণুদৌল আদি বন্ধ থাকিব ।

৯. শনিবাৰ আৰু দেওবাৰে বন্ধ থাকিব জগন্নাথ মন্দিৰ…

শনিবাৰ আৰু দেওবাৰে বন্ধ থাকিব জগন্নাথ মন্দিৰ । জগন্নাথ ভ্ৰমণকাৰী ভক্ত সকলে ৯৬ ঘন্টাৰ পূৰ্বে কোভিড পৰীক্ষা কৰা প্ৰমান পত্ৰ লৈ মন্দিৰত প্ৰবেশ কৰিব পাৰিব । কোভিড ভেকচিনৰ দ্বিতীয় ডোজ গ্ৰহন কাৰী সকলেও দৰ্শন কৰিব পাৰিব মন্দিৰ ।

১০. কোভিডত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ…

কোভিডত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ ।মন্ত্ৰীগৰাকীৰ দেহত শুক্ৰবাৰে ধৰা পৰে কোভিডৰ উপস্থিতি ।মন্ত্ৰী গৰাকীৰ অবস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে ।সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী লোকক কোভিড পৰীক্ষা কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে । কেন্দ্ৰীয় মন্ত্ৰী গৰাকী বৰ্তমান হোম কোৱাৰেন্টাইনত আছে বুলি জানিব পৰা গৈছে ।