অসম

পুৰণিগুদামত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ…

asomiyapratidin

ডিজিটেল সংবাদ,চামগুৰিঃ কোৰোনা ভাইৰাছৰ আতংকৰ মাজতো নগাঁৱৰ বিভিন্ন অঞ্চলত চলি আছে নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ ।বিভিন্ন দিন ধৰি চলি থকা এই নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে পুৰণিগুদাম আৰক্ষী ।

নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰদাও গয়াৰীৰ নেতৃত্বত আৰক্ষীয়ে এক অভিযান চলায় ।তিনি শতাধিক নিচাযুক্ত ক'ফ চিৰাপৰ বটল সহ পুৰণিগুদাম আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ধৃত চক্ৰটোৰ সৈতে জড়িত দুজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰে ।

ধৃত সৰবৰাহকাৰী দুটা হ'ল ক্ৰমে পুৰণিগুদাম ন'আলিমুৰৰ আল্লাউদ্দিন আৰু নগাঁৱৰ মধুপুৰৰ ৰফিকুল ইছলাম ।আনহাতে জব্দ হোৱা নিচাযুক্ত বটল সমূহৰ মূল্য আনুমানিক পঞ্চাশ হাজাৰ টকা হ'ব পাৰে বুলি জানিব পৰা গৈছে ।উল্লেখ্য যে দীৰ্ঘদিন ধৰি অসাধু চক্ৰটো নগাঁৱৰ বিভিন্ন স্থানত সক্ৰিয় হৈ  নিচাযুক্ত দ্ৰব্য সৰবৰাহ কৰি থকাৰ খবৰ মজুত আছিল পুৰণিগুদাম আৰক্ষীৰ হাতত।