অসম

পুৰণিগুদামত টেম্প’ চালকৰ দুদিনীয়া অৱস্থান ধৰ্মঘট, সৰ্বসাধাৰণৰ মাজত হাহাকাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ পুৰণিগুদামৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত হঠাৎ যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।নগাঁও জিলা টেম্প' চালক সকলে কৰা দুদিনীয়া ধৰ্মঘট কাৰ্যসূচীৰ বাবে টেম্প' সমূহৰ চলাচল বন্ধ হৈ পৰাৰ ফলতেই সৃষ্টি হয় এই পৰিস্থিতিৰ ।

সমগ্ৰ নগাঁও জিলাৰ লগতে চামগুৰি,পুৰণিগুদামৰ পৰা নগাঁও চহৰৰ মাজত চলাচল কৰা টেম্প' সেৱা হঠাৎ স্তব্ধ হৈ পৰাৰ ফলতেই সোমবাৰে পুৱাৰে পৰা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ মাজত।

উল্লেখ্য যে, নগাঁও প্ৰশাসনে নগাঁও চহৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে নগাঁও চহৰৰ ভিতৰেদি থকা উপ-পথৰে টেম্প' সমূহ উভতি যাবলৈ দিয়া নিৰ্দ্দেশৰ ফলতেই হঠাৎ স্তব্ধ হৈ পৰে টেম্প'ৰে যাতায়ত কৰা যাত্ৰীসকলৰ যাত্ৰা ।

ইয়াৰ ফলতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ছাত্ৰ-ছাত্ৰীৰ লগতে যাত্ৰীসকলৰ মাজত ।উল্লেখ্য যে নগাঁও প্ৰশাসনৰ এই সিদ্ধান্তৰ ফলত অসন্তুষ্ট হৈ পৰিছে এতিয়া টেম্প' চালক সকল । আনহাতে নগাঁৱৰ পুৰণিগুদামৰ কেঞাপট্টীত অৱস্থান ধৰ্মঘট কৰা একাধিক টেম্প' চালকে নগাঁও প্ৰশাসনে টেম্প' চলাচলৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনাসমূহ পুনৰ বিবেচনাৰ বাবে নগাঁও প্ৰশাসনক আহ্বান জনায়। অন্যথা ব্যাপক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে টেম্প' চালকসকলে ।