অসম

পুৰণিগুদামত বিদ্যুতৰ তাঁৰ ছিঙি আহত এজন…

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামৰ ন-আলিমূৰত মঙলবাৰে নিশা ৯.৩০ বজাত এডাল বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পৰাত এজন লোক গুৰুত্বৰ ভাৱে আহত হয়। জানিব পৰা মতে ন আলিমুৰৰ এখন মাংস দোকানৰ ওপৰেদি পাৰ হৈ যোৱা ৪৪০ ভল্টৰ তাঁৰ ডাল কোনো কাৰণ নোহোৱাকৈ চিঙি মাংস দোকানখনত পৰি যোৱাত দোকানখনৰ গৰাকী তুলু আহমেদ গুৰুতৰ ভাৱে আহত হয়।

ঘটনাৰ লগে লগে বিদ্যুৎ পৰিষদে বিদ্যুৎ সংযোগ কৰ্তন কৰে যদিও ঘটনাস্থলীত বহু সময়লৈকৈ পৰিষদৰ লোক উপস্থিত নোহোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। উল্লেখ্য যে, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ সোপাধিলা নীতিৰ বাবে তথা বহু অঞ্চলত বিদ্যুৎ পৰিবাহী তাঁৰ একেবাৰে নিম্ন মানদণ্ডৰ হৈ পৰাত বহু ঠাইত বিদ্যুতৰ তাঁৰ মাজে সময়ে চিঙি পৰা ঘটনা সংঘটিত হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে বিদ্যুৎ পৰিবাহী তাঁৰসমূহ বিভিন্ন সময়ত মেৰামতিৰ বাবে আচঁনি প্ৰস্তুত কৰি আহিছে যদিও কাম সম্পাদন হৈ উঠা নাই।চামগুৰি বিদ্যুত পৰিষদৰ চামগুৰি উপ সংমণ্ডল কাৰ্যালয়ৰ অধীনত সংঘটিত হোৱা এই ঘটনাই বিদ্যুত পৰিষদৰ হেমাহিৰ চুড়ান্ত নিদৰ্শন দাঙি ধৰিছে।