অসম

পুৰণিগুদামৰ মোমায়েকৰ ঘৰত থাকি পঢ়া-শুনা কৰিছিল হিজবুল মুজাহিদীনৰ সদস্য চাহনাজে

asomiyapratidin

ডিজিটেল সংবাদ, পুৰণিগুদামঃ শেহতীয়াকৈ হিবজুল মোজাহিদীনৰ সদস্য হিচাপে গ্ৰেপ্তাৰ হোৱা চাহনাজ আলমে বাস কৰিছিল নগাঁৱৰ পুৰণি গুদামত। মোমায়েকৰ গৃহত থাকি পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আলমে হাইস্কুল শিক্ষা গ্ৰহণ কৰিছিল।

তাৰপাছৰ পৰ্যায়ত পুৰণিগুদাম বিৰিঞ্চি কুমাৰ মহাবিদ্যালটো গ্ৰহণ কৰিছিল উচ্চ শিক্ষা। পুৰণিগুদামত 'মৃদু' নামেৰে পৰিচিত চাহনাজৰ ওচৰ চুবুৰীয়াৰ মতে, সঘনে মোমায়েকৰ গৃহলৈ আহ-যাহ চলি আছিল চাহনাজৰ। অৱশ্যে এই কথা অস্বীকাৰ কৰিছে মোমায়েকে। ওচৰ চুবুৰীয়াৰ মতে শেহতীয়াকৈ প্ৰায় ১৫ দিনৰ পূৰ্বেও মোমায়েকৰ গৃহলৈ আহিছিল চাহনাজ।

যোৱা ৩বছৰ মান পূৰ্বলৈকে মোমায়েকৰ এখন ফাৰ্মাচিত থাকি কাম কৰি আছিল ধৃত চাহনাজ আলমে। কিন্তু শেহতীয়াকৈ ফাৰ্মাচী খন বন্ধ হোৱাত পুৰণিগুদামৰ পৰা নিজ গৃহ যমুনামুখলৈ গুচি গৈছিল চাহনাজ। অৱশ্যে হিবজুল মোজাহিদীনৰ বীজ চাহনাজে পুৰণিগুদাম নে যমুনামুখত গ্ৰহণ কৰিছিল সেই কথা লক্ষণীয় হৈ পৰিছে।