অসম

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিৰ্দশন দাঙি ধৰিছে পুৰণিগুদাম প্ৰেছ ক্লাবৰ বিহু কৰ্মশালাই…

asomiyapratidin

ডিজিটেল সংবাদ চামগুৰিঃ সমাগত ৰঙালী বিহু। ৰাজ্যৰ সৰ্বত্ৰে চলিছে বিহুৰ আখৰা । ফাগুনক বিদায় দি চৌদিশে এতিয়া বসন্তক আদৰাৰ প্ৰস্তুতি। এনে সময়তে দৃষ্টি আকৰ্ষণ কৰিছে এখন বিশেষ কৰ্মশালাই । যিখন কৰ্মশালাত এপাক ককাঁল ঘূৰাই নাচিবলৈ উলাই আহিছে কেইবাগৰাকীও মুছলমান সম্প্ৰদায়ৰ যুৱতী ।মৰ্চিকা,আৰ্জিনা,চাবিৰাৰ লগতে বহুকেইগৰাকী মুছলমান সম্প্ৰদায়ৰ যুৱতীয়ে অযুত সপোন লৈ হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰি বিহু শিকিবলৈ উলাই আহিছে ।

পুৰণিগুদাম প্ৰেছ ক্লাবৰ উদ্যোগত আৰু হালোৱাগাওঁ আঞ্চলিক যুৱ মঞ্চৰ সহযোগত ভেৰভেৰী মজলীয়া বিদ্যালয় প্ৰাংগনত ৰাজু শ‌ইকীয়াৰ নেতৃত্বত অনুষ্ঠিত হৈ থকা কৰ্মশালাখনে এতিয়া দাঙি ধৰিছে হিন্দু -মুছলমানৰ সম্প্ৰীতিৰ নিৰ্দশন । সংস্কৃতিৰ বৰঘৰৰূপে পৰিচিত পুৰণিগুদামৰে সমীপৱৰ্তী হালোৱাগাৱঁত অনুষ্ঠিত হৈ থকা হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিৰ্দশন দাঙি ধৰা এই বিশেষ কৰ্মশালাখনৰ অন্তত অহা এক বহাগত বাটৰ বিহু প্ৰদৰ্শন কৰা হ'ব বুলি ইতিমধ্যে পুৰণিগুদাম প্ৰেছ ক্লাবৰ সভাপতি তপন কটকী আৰু সম্পাদক শ্যামেন্দ্ৰ বৈৰাগীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে ।

উল্লেখ্য যে নবপ্ৰজন্মৰ মাজত সাংস্কৃতিক জাগৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে পুৰণিগুদাম প্ৰেছ ক্লাব আৰু ৰাজু শ‌ইকীয়াই হিন্দু -মুছলমানৰ ভেদাভেদৰ পৰিবৰ্তে সম্প্ৰীতিৰ নিৰ্দশন দাঙি ধৰিবলৈ চেষ্টা কৰা প্ৰচেষ্টাক এতিয়া সকলোৱে একেমুখে প্ৰশংসা কৰিছে । আনপিনে বহাগ বিহুৰ উৰুকা পৰ্যন্ত অনুষ্ঠিত হবলগীয়া কৰ্মশালাখনত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় শতাধিক কণ কণ শিশু আৰু যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছে ।