অসম

নগাঁৱত এজন ই-ৰিক্সা চালকৰ ব্যতিক্ৰমী প্ৰয়াস, কামৰ মাজতে নিৰ্মাণ সুধাকন্ঠৰ প্ৰতিমূৰ্তি…

asomiyapratidin

ডিজিটেল সংবাদ,চামগুৰিঃ ৮ ছেপ্তেম্বৰ, আজি ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জন্মদিন।ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অসমীয়া জাতিৰ ধ্বজাবাহক ভাৰত ৰত্ন ভূপেন হাজৰিকাক সকলোৱে সোৱঁৰিছে ।এনে সময়তে নগাঁৱৰ পুৰণিগুদামত দৃষ্টি আৰ্কষণ কৰিছে এখন ই-ৰিক্সা চলাকে ।

এই ই-ৰিক্সা চালকজনে কেৱল জন্মজয়ন্তী বা মৃত্যু তিথি নহয়, এইজন লোকে প্ৰত্যেক দিনাই সোৱঁৰে সুধাকন্ঠ ভূপেন হাজৰিকাক। লোকজন নগাঁৱৰ বৈদ্যটোপৰ বিপুল কুমাৰ নাথ।প্ৰয়াত ভূপেন হাজৰিকাক নৱ প্ৰজন্মৰ মাজত জীয়াই ৰাখিবলৈ লোকজনে নিৰ্মাণ কৰে ভূপেন হাজৰিকাৰ মূৰ্তি।

পেছাত এজন নাথ হৈছে এজন ই ৰিক্সা চলাক।নিজৰ ই ৰিক্সা খনতেই মুৰ্তি সমূহ নগাঁৱৰ ইমুৰৰ পৰা সিমুৰলৈ কঢ়িয়াই ফুৰে বিক্ৰীৰ বাবে। অতি কম মূল্যত লোকজনে ৰাইজক বিক্ৰী কৰে মূৰ্তিসমূহ।এইজন লোকৰ এই বিশেষ কৰ্মই এতিয়া সকলোকে আপ্লুত কৰিছে নগাঁৱৰ পুৰণিগুদামবাসীক ।