অসম

দ্বিবিভক্ত হোৱাৰ দিশে পূৰ্বাঞ্চল তাই সাহিত্য সভা !

asomiyapratidin

ডিজিটেল সংবাদ ঢকুৱাখনা:  ৰাজ্যখনৰ অন্যতম ভূমিপুত্ৰ তাই আহোম সমাজৰ জাতিয় সাহিত্য মঞ্চ পূৰ্বাঞ্চল তাই  সাহিত্য সভা ক্ৰমাৎ দ্বিখণ্ডিত হোৱাৰ পথত। অৰ্থাৎ  তাই আহোম সকলৰ  ভাষা ,সাহিত্যৰ লগতে বৈদ্ধিক উৎকৰ্ষ সাধনৰ  মহান লক্ষ্যৰে বিগত ৩৮ টা বৰ্ষ অবিৰাম জাতীয় সেৱা আগবঢ়াই যোৱা পূৰ্বাঞ্চল তাই সাহিত্য সভাত উলম্ব বিভাজন ঘটিব।

৩ টা দশকৰো অধিক কাল স্বজাতিৰ বৌদ্ধিক জাগৰণ সৃষ্টি কৰি অহা তাই সাহিত্য সভাৰ পবিত্ৰ মজিয়াত শেহতীয়া ভাবে  উন্মেষ ঘটা সীমাহীন অনিয়ম দুৰ্নীতি আৰু স্বেচ্ছাচাৰী কাৰ্যকলাপত অতিষ্ঠ একাংশ  নীতিনিষ্ঠ তাই সাহিত্য সেৱকৰ মুকলি  প্ৰতিবাদ আৰু অসন্তুষ্টিৰ  পৰিণতিত এনে ভয়াবহ দুৰ্যোগৰ গ্ৰাসত নিমাৰ্জিত হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে । 

সদ্য সমাপ্তি ঘটা ৩৯ সংখ্যক পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ অধিবেশনত এনে পঞ্জীভূত ক্ষোভ অসন্তুষ্টিৰ মুকলি প্ৰকাশ হোৱাৰ পৰৱৰ্তী সময়ত একাংশ নিষ্ঠাবান প্ৰবীণ নবীন সাহিত্য সেৱক প্রকাশ্যে নামি পৰিছে এক সমান্তৰাল সাহিত্য সভা গঠনত। প্ৰধানকৈ উজনি অসমৰ শিৱসাগৰ ,ডিব্ৰুগড় , যোৰহাট ,আৰু উত্তৰ অসমৰ ধেমাজি ,লখিমপুৰ আদি জিলাৰ গৰিষ্ঠ সংখ্যক তাই পণ্ডিত আৰু সাধকৰ নেতৃত্বত সঘন বৈঠক বহিছে ।

"তাই সাহিত্য সভা" নামাংকণ কৰি পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ সমান্তৰাল সাহিত্য সভা গঠনৰ অন্তিম সিদ্ধান্ত গ্ৰহণ কৰি প্ৰস্তুতি ব্যাপক কৰি তুলিছে  অভ্যন্তৰত অব্যাহত থকা চূড়ান্ত অনিয়ম অনীতি আৰু মই মতালিৰাজত বিতুষ্ট তাই পণ্ডিত আৰু সাধক সমাজ। তাৰেই অংশ হিচাবে ইতিমধ্যে সাহিত্য সভাৰ মজিয়া ত্যাগ কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে উজনি অসমৰ পৰা।

"অসমীয়া প্ৰতিদিন ডিজিটেল"লৈ  আহি পৰিছে এনে এক প্ৰামানিক তথ্য ।  প্ৰাপ্ত তথ্য মতে পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ  উজনি অসমৰ চৰাইদেউ জিলা সমিতিৰ  সম্পাদক হীৰেন চাৰবুঙ ফুকনে শনিবাৰে  কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিছে এক অব্যাহতি পত্ৰ । পত্ৰখনত চৰাইদেউ জিলা তাই সাহিত্য সভাৰ সম্পাদক ফুকনে  জিলা সম্পাদক হিচাবে সুদীর্ঘ দিনীয়া সেৱা আগবঢ়াই অহাৰ পাছতো সদ্য সমাপ্তি ঘটা  সাহিত্য সভাৰ লখিমপুৰ কেন্দ্রীয় অধিবেশনৰ  প্ৰতিনিধি সভাত অংশ লবলৈ সুবিধা লাভ নকৰা,  কেন্দ্ৰীয় অধিবেশনত সভাপতি নিৰ্বাচন প্ৰক্ৰিয়াত দেখা দিয়া বিসংগতি, অধিবেশনৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত জিলা সমিতিৰ সতে যোগসূত্ৰ নৰখা আদি বহুকেইটা  গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ অভিযোগ উত্থাপন কৰি  জিলা সম্পাদক পদৰ পৰা অব্যাহতি বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে।

কেন্দ্ৰীয় সমিতিলৈ পঞ্জীভূত ক্ষোভ উজাৰি এগৰাকী অতিষ্ঠ  জিলা পৰ্য্যায়ৰ বিষয় ববিয়াই  দাখিল কৰা অব্যাহতি পত্ৰ বিষয়টোৱে নৱ গঠিত সাহিত্য সভালৈ এক অশনি সংকেত যে নমাই আনিছে সেয়া ধ্ৰুৱ সত্য ।  ইপিনে একাংশ বিশিষ্ট সাহিত্য সেৱক ,তাই পণ্ডিতে জনোৱা মতে  উত্তৰ অসমৰ এগৰাকী বিদগ্ধ তাই পণ্ডিতক প্ৰস্তাৱিত 'তাই সাহিত্য সভা "ৰ সভাপতি হিচাবে প্ৰক্ষেপ কৰি আৰম্ভ হৈছে নিৰবিছিন্ন চিন্তন মন্থন বৈঠক ।

সঘন  কায়িক যোগাযোগ চলিছে  বিতুষ্ট জিলা সমিতি সমূহৰ নেতৃবৰ্গৰ সতে । লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি সমৰ্থন । তাৰেই  যেন মূৰ্ত প্ৰকাশ এগৰাকী  নীতিনিষ্ঠ জিলা সম্পাদকৰ সাহিত্য সভাৰ পৰা অব্যাহতি লোৱাৰ  এই সাহসী পদক্ষেপ ।  সাহিত্য সভাৰ উলম্ব বিভাজনৰ এই ছবিখন আৰু কিছুদিন পাছতহে অধিক স্পষ্ট হব বুলিও  জানিবলৈ দিলে  বিতুষ্ট তাই সাধক সকলে।