অসম

পুৰণিগুদামত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শিল্পী দিৱস উদযাপন

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰিঃ শুকুৰবাৰে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰ পুৰণিগুদামতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অনুষ্ঠিত কৰিলে শিল্পী দিৱস। নগাঁৱৰ পুৰণিগুদামত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়। পুৰণিগুদাম শতদল শাখা সাহিত্য সভাই পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰাল প্ৰাংগণত বন্তি প্ৰজ্জ্বলনেৰে শিল্পী দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উক্ত কাৰ্যসূচীত পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ সভাপতি যুগল চন্দ্ৰ গোস্বামী আৰু নব নিৰ্বাচিত সভাপতি পুলিন হাজৰিকাকে প্ৰমূখ্য কৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

আনহাতে পুৰণিগুদামৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান অংগাভিনয় অসমেও শিল্পী দিৱস উদযাপন কৰে। অংগাভিনয় অসমৰ মুখ্য পৰিচালিকা বনশ্ৰী শৰ্মা কলিতাই বন্তি প্ৰজ্জ্বলন কৰাৰ পাছতেই অংগাভিনয় অসমৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে বন্দনা কৌশিক, প্ৰগতি বৰুৱা, চন্দনা বৰাকে আদি কৰি ছাত্ৰ-ছাত্ৰী সকলে কেইবাটাও বৈপ্লৱিক গীতত নৃত্য পৰিৱেশন কৰি প্ৰয়াত শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আনফালে পুৰণিগুদাম হালোৱাগাৱঁতো নতুনকৈ আত্মপ্ৰকাশ কৰা 'লেছেৰি সাংস্কৃতিক" গোষ্ঠীয়েও শিল্পী দিৱস উদযাপন কৰে। প্ৰয়াত শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰাৰ অন্তত কণ ছাত্ৰ-ছাত্ৰী সকলে গীত আৰু নৃত্য পৰিৱেশন কৰে বুলি লেছেৰি সাংস্কৃতিক গোষ্ঠীৰ মুখ্য সঞ্চালক জয়ন্ত বৰা আৰু বিষয়ববীয়া ৰাজীৱ শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।