অসম

‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণৰ বাতৰিৰ প্ৰভাৱ, পুৰণিগুদাম জলাহগাঁৱৰ কৰ্মোদ্যমী কৃষকৰ কাষত উপস্থিত বঢ়মপুৰৰ খণ্ড উন্নয়ন বিষয়া

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ পুৰণিগুদাম জলাহগাৱঁৰ পথাৰত উপস্থিত হ'ল চৰকাৰী উচ্চ পদস্থ বিষয়াৰ দল। যি সময়ত একাংশ যুৱ প্ৰজন্ম কৰ্মসংস্থাপনৰ বাবে বহিঃ ৰাজ্যলৈ ঢাপলি মেলিছে সেইসময়তে নগাঁও জিলাৰ পুৰণিগুদামৰ নিকটবৰ্তী জলাহগাৱঁৰ একাংশ যুৱকে সৰিয়হ খেতিৰ জৰিয়তে স্বাবলম্বী হোৱাৰ প্ৰচেষ্টা চলাইছে। জলাহৰ প্ৰায় এহেজাৰ বিঘাৰো অধিক মাটিত আধুনিক পদ্ধতিৰে সৰিয়হ খেতি কৰি এই সকল লোকে একপ্ৰকাৰ কৃষি বিপ্লৱৰ সূচনা কৰিছে। কিন্তু চৰকাৰৰ কৃষি বিভাগৰ পৰা পোৱা নাছিল কোনো সুযোগ-সুবিধা।

এই সন্দৰ্ভত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হৈছিল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ বাতৰি সম্প্ৰচাৰৰ খবৰ লাভ কৰি দুদিন পাছতেই কৃষি কাৰ্য পৰিদৰ্শন কৰিবলৈ নিজৰ বিভাগৰ আওতাত নপৰা স্বতেও যুৱক সকলৰ কৰ্মোদ্যমী পদক্ষেপ দেখি পুৰণিগুদাম জলাহগাৱঁত বঢ়মপুৰ খণ্ড উন্নয়ন বিষয়া মীনাক্ষী মহন্তৰ নেতৃত্বত উপস্থিত হ'ল চৰকাৰী বিষয়া-কৰ্মচাৰীৰ এটা বৃহৎ দল।

চৰকাৰী দলটোৱে গাঁও খনত কৰা এহেজাৰ বিঘাৰো অধিক মাটিৰ সৰিয়হ খেতি পৰিদৰ্শন কৰি কৃষক সকলক সকলো প্ৰকাৰে সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে লগতে এসপ্তাহৰ ভিতৰত খেতি-পথাৰত পানী যোগানকে ধৰি কেইবাখনো আঁচনিৰ সুবিধা কৰি দিয়া হ'ব বুলি জনায়।

লগতে জলাহ গাঁৱৰ যুৱ কৃষক সকলক উচ্চ প্ৰশংসা কৰি চৰকাৰী দলটোৱে ভৱিষ্যতে এনে কৃষি কাৰ্য কৰি যাবলৈ আহ্বান জনায়। আনহাতে একাংশ কৃষকে চৰকাৰী বিষয়া কৰ্মচাৰীৰ দলটোৰ সন্মুখতেই কৃষি বিভাগৰ স্থানীয় গ্ৰাম সেৱক গৰাকীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলি সৰব হৈ পৰে।