অসম

বৰবালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাজহুৱা সভা

Asomiya Pratidin

ডিজিটেল সংবাদ, বান্দৰদেৱা : লখিমপুৰ জিলাৰ বৰবালি বৰবালি চাৰিআলিৰ অন্যতম শিক্ষানুষ্ঠান বৰবালি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলক লৈ এখন বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত হয়। প্ৰাক্তন ছাত্ৰ তথা অৱসৰ প্ৰাপ্ত শিক্ষক নোমল ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত সভা খনত উদ্দেশ্য ব্যাখ্যা কৰে তদৰ্থ সমিতিৰ সম্পাদক ধ্ৰুৱজ্যোতি দত্তই।

আদৰনি ভাষন দিয়ে তদৰ্থ সমিতিৰ কাৰ্যকৰী সভাপতি চিত্ৰ বৰাই। সভাত প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলৰ কৃষ্ণ ভূঞা, বেদৱতী দেৱী, লীলাৱতী তামুলী, গোলাপ শইকীয়া, কালিকৃষ্ণ দে, উপেন ফুকন, গজেন হাজৰিকা, ভবেন শৰ্মা আদি উপস্থিত থাকে।

কেইবা শ প্ৰাক্তন ছাত্ৰ ছাত্ৰী উপস্থিত থকা সভা খনত ধীৰেন চেকনীধৰাৰ নেতৃত্বত বিদ্যালয় সংগীত আৰু নিভা চেকনীধৰাৰ নেতৃত্বত এটা দলীয় বৰগীত পৰিবেশন কৰে।স্মৃতিচাৰন কৰে ৰিপুঞ্জয় ভূঞাই। সংবিধান পাঠ কৰে কুমাৰ কিশোৰ বৰাই। বিদ্যালয় কতৃপক্ষৰ ফালৰ পৰা বিদ্যালয়ৰ অধ্যক্ষ ভৱকান্ত দত্তই আদৰণি ভাষন আগবঢ়াই।

ইফালে সভাত নোমল ভূঞাক সভাপতি আৰু ৰিপুঞ্জয় ভূঞাক সম্পাদক চিত্ৰ বৰা আৰু বীৰেন শ ইকীয়াক কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি দত্ত কুমাৰ। কিশোৰ বৰা আৰু নয়নজ্যোতি কাকতিক সহকাৰী সম্পাদক বিপুল শইকীয়া সত্যব্ৰত বৰুৱা আৰু প্ৰদীপ হাজৰিকাক কাৰ্যালয় সম্পাদক নাৰায়ন ভূঞাক সমাপতি আৰু ৰঞ্জন শইকীয়াক প্ৰচাৰ উপ সমিতিৰ সম্পাদক; মহেন্দ্ৰ বৰুৱাক উপদেষ্টা মদন বৰুৱাক সভাপতি আৰু ভাস্কৰ বৰাক সম্পাদক হিচাপে লৈ আপ্যায়ন উপসমিতি হৰেন শইকীয়াক উপদেষ্টা ৰাজেন ভাগৱতীক সভাপতি আৰু ধীৰেন চেকনীধৰাক সম্পাদক আৰু হেমন্ত ভূঞা, দেবৱ্ৰত কাকতি আৰু পুলক শৰ্মাক সহকাৰী সম্পাদক হিচাপে লৈ সাংস্কৃতিক উপসমিতিৰে প্ৰাক্তন ছাত্ৰ সন্মিলনীখন গঠন কৰা হয়।