অসম

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত কৃষক মুক্তি, ছাত্ৰ মুক্তি আৰু এবিএমছুৰ উত্তাল প্ৰতিবাদ

asomiyapratidin

ডিজিটেল সংবাদ, শালবাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য অগ্নিগৰ্ভা হৈ থকাৰ সময়তে ৪১ নং সৰভোগ সমষ্টিৰ অন্তৰ্গত তথা বাক্সা বৰপেটাৰ সীমামূৰীয়া ডুমুনীঘাটত বৰপেটা ৰোড আৰু ডুমুনী কাটাঝাৰ কৃষক মুক্তি,  ছাত্ৰ মুক্তি আৰু শালবাৰী জিলা এবিএমছুৰ উদ্যোগত মঙলবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰা হয়৷

সংগঠন কেইটাৰ নেতা-কৰ্মীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বিজেপি গ' বেক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, RSS গ' বেক, নৰেন্দ্ৰ মোডী মিছলীয়া, বিজেপি হুঁচিয়াৰ, ৰঞ্জিত দাস মুৰ্দাবাদ, ছাত্ৰ মুক্তি জিন্দাবাদ, কৃষক মুক্তি জিন্দাবাদ, এবিএমছু জিন্দাবাদ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷