অসম

বৰ্মন-কছাৰী জনগোষ্ঠীক এনআৰচিত অন্তৰ্ভুক্তিৰ লগতে ‘ডি’ ভোটাৰ সমস্যা সমাধানৰ দাবীত ভেৰগাঁৱত প্ৰতিবাদ

asomiyapratidin

ডিজিটেল সংবাদ, টংলাঃ অসমৰ ভূমিপুত্ৰ বৰ্মন-কছাৰী জনগোষ্ঠীৰ জনজাতি লোকসকলক ভাৰতীয় নাগৰিকত্বৰ বৈধ নথিপত্ৰ থকাৰ পিছতো বৰ্মন-কছাৰী জনগোষ্ঠীৰ লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাত অন্তৰ্ভুক্ত নোহোৱাৰ লগতে জনগোষ্ঠীটোৰ লোকসকলক 'ডি' ভোটাৰৰ নামত হাৰাশাস্তি কৰাৰ প্ৰতিবাদত সোমবাৰে সদৌ অসম বৰ্মন-কছাৰী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিয়ে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা সদৰত তিনি ঘন্টীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷

ইতিহাসপ্ৰসিদ্ধ বৰ্মন জনগোষ্ঠীৰ লোকসকল দেশৰ স্বাধীনতাৰ ৭১ বছৰ পিছতো শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আদি সকলো দিশতে অৱহেলিত হৈ অহাৰ পিছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বৰ্মন কছাৰী ছাত্ৰ সন্থাই বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ উপৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷

ইয়াৰ পিছতো এনআৰচিৰ নামত অসমৰ ভূমিপুত্ৰ জনগোষ্ঠীটোক হাৰাশাস্তি কৰি অহাৰ প্ৰতিবাদত জনগোষ্ঠীটোৰ কেইবা শতাধিক পুৰুষ-মহিলাই হাতে-হাতে বেনাৰ, প্লে'কাৰ্ড লৈ বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ শুদ্ধ এনআৰচি প্ৰস্তুত কৰাত বৰ্মন কছাৰীসকলে আদৰণি জনাই আহিছে যদিও সম্প্ৰতি বিজেপি নেতৃত্বাধীন চৰকাৰে জনগোষ্ঠীটোক চৰম প্ৰতাৰণা কৰা বুলি অভিযোগ কৰে৷

বৰ্মন-কছাৰীসকলক এনআৰচিৰ খচৰাত অন্তৰ্ভুক্তৰ লগতে 'ডি' ভোটাৰৰ নামত হাৰাশাস্তি কৰাৰ সমস্যাটো শীঘ্ৰে সমাধানৰ দাবী জনাই সংগঠনটোয়ে উপায়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷