আৰক্ষীৰে টনা-আজোৰা একাংশ মহিলাৰ
আৰক্ষীৰে টনা-আজোৰা একাংশ মহিলাৰ 
অসম

মায়ং থানাত উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰে টনা-আজোৰা একাংশ মহিলাৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক, মায়ংঃ বাল্য বিবাহৰ অপৰাধত আটক অবৈধ স্বামী। এই ঘটনাক কেন্দ্ৰ কৰিয়েই শনিবাৰে মায়ং থানাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰ সতে একাংশ মহিলাৰ টনা আজোৰা।

জানিব পৰা অনুসৰি যোৱা দুটা নিশাত বাল্য বিবাহৰ অপৰাধত আৰক্ষীয়ে আটক কৰিছিল ৪ জন অবৈধ স্বামীক। উক্ত অপৰাধত জড়িত অবৈধ স্বামীকেইগৰাকীক শনিবাৰে দুপৰীয়াৰ ভাগত জেললৈ প্ৰেৰণ কৰাৰ সময়তেই অপৰাধীসকলৰ মুক্তিৰ দাবীত আৰক্ষীৰ সৈতে একাংশ মহিলাৰ হতাহতি আৰু টনা আজোৰা লাগে।

কণমানি কেচুৱা এটাক এগৰাকী বোৱাৰীয়ে আৰক্ষী অধীক্ষকৰ হাতত চমজাই দিবলৈ আগবাঢ়ি যায়। লগতে মহিলা গৰাকীয়ে কয় "আমাৰ স্বামীক এৰি দিয়ক, নহ'লে আমাৰ কেচুৱাটোক চমজি লওক।" এইদৰেই অশান্ত হৈ পৰে মায়ঙৰ থানা চৌহদ। পৰিস্থিতিৰ পিনে লক্ষ্য কৰি আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠি চাৰ্জ পৰ্যন্ত কৰিবলগীয়া হয়।

অৱশ্যে উক্ত ঘটনাৰ সময়ত আৰক্ষী অধীক্ষক আৰু আই জি পি মুখাৰ্জী উপস্থিত আছিল। আনহাতে আৰক্ষীৰ লাঠি চাৰ্জৰ ফলত দুগৰাকী মহিলা গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়। আহত দুয়োগৰাকী মহিলাক লোনমাটি ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা অপৰাধীকেইজনৰ নাম মেৰাজুল ইছলাম, প্ৰসেনজিত মণ্ডল, কাইম উদ্দিন আৰু আবু চায়েদ।