অসম

বেংগলী অধ্যুষিত লামডিঙত অসমীয়া সমাজৰ মৌন সমদল

asomiyapratidin

ডিজিটেল সংবাদ, লামডিংঃ বেংগলী সংখ্যা গৰিষ্ঠ অঞ্চল ৰে'ল নগৰী লামডিঙত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ শুকুৰবাৰে বৃহত্তৰ অসমীয়া সমাজৰ উদ্যোগত লামডিংবাসী ৰাইজ ওলাই আহিল জাতিধ্বংসী বিধেয়ক বিলৰ বিৰুদ্ধে৷

লামডিংবাসী অসমীয়া ৰাইজ একগোট হৈ মুখত ক'লা কাপোৰ বান্ধি হাতত বেনাৰ, প্লে-কাৰ্ড, গামোচা আদি লৈ মৌন সমদলত অংশগ্ৰহণ কৰে৷ প্ৰতিবাদী ৰাইজে একেমুখে জাতি-মাটি-ভেটিৰ নামত অসমীয়াক আবেগিক কৰি ৰাজপাতত বহা জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ লগতে নিৰ্বাচনৰ পূৰ্বে বিভিন্ন প্ৰতিশ্ৰুতিৰে অসমবাসীক আভুৱা ভৰা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰ চৰকাৰক অতি শীঘ্ৰে বিলখন বাতিল কৰিবলৈ দাবী জনায়৷

প্ৰতিবাদকাৰী সকলে সৰ্বানন্দ সোণোৱালক জাতীয় নায়ক বুলি ক'বলৈ আজিৰ দিনত লাজ লাগে বুলি সংবাদমাধ্যমৰ আগত ক্ষোভ ব্যক্ত কৰে৷ ড০ হীৰেণ গোহাঁইৰ লগতে অখিল গগৈ আৰু মনজিৎ মহন্তৰ ওপৰত সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগে জাপি দিয়া দেশদ্ৰোহী গোচৰ শিঘ্ৰে উঠাই লোৱাৰো দাৱী জনায় লামডিঙৰ প্ৰতিবাদী ৰাইজে৷

প্ৰতিবাদী জনতাই 'লামডিং বাসীয়ে তেজ দিম তথাপিও জাতিধ্বংসী ক'লা বিলখন গৃহীত হ'বলৈ নিদিও' বুলি লামডিঙৰ আকাশ বতাহ কঁপাই তোলা পৰিলক্ষিত হয়৷