অসম

 নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোলাঘাটত অৱিৰত অৱস্থান ধৰ্মঘট

asomiyapratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ বৃহস্পতিবাৰে গোলাঘাটৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত যুটীয়া সংসদীয় সমিতিয়ে অনুমোদন জনোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে ৭০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনে আৰম্ভ কৰিলে অৱিৰত অৱস্থান ধৰ্মঘট।

বিজেপি আৰু আৰ এছ এছয়ে অসমীয়া জাতিৰ ওপৰত শেষ শৰ পাত নিক্ষেপ কৰা বুলি উল্লেখ কৰি অহা ৭ জানুৱাৰীত বিজেপি চৰকাৰে এই বিধেয়কখন গৃহীত কৰিবৰ বাবে আগবাঢ়িব। যিটো সমগ্ৰ অসমীয়া জাতিৰ বাবেই এক ক'লা দিন হ'ব।

সেইয়েহে বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰিছে এই অৱিৰত অৱস্থান ধৰ্মঘট। এই কাৰ্যসূচী আগবঢ়াই নিবৰ বাবে অৰ্থাৎ নিজৰ অস্তিত্ব ৰক্ষাৰ যুঁজখনত সকলো ৰাইজক ওলাই আহিবলৈওঁ আহ্বান জনাইছে সংগঠনকেইটাই।