অসম

গোৱালপাৰাত আমছুৰ অৰ্দ্ধ উলংগ প্ৰতিবাদ, সৰ্বানন্দ সোণোৱাল আৰু প্ৰদীপ দত্ত ৰয়ৰ পুত্তলিকা দাহ

asomiyapratidin

ডিজিটেল সংবাদ, গোৱালপাৰাঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি তোলপাৰ চলি থকাৰ সময়তে গোৱালপাৰাতো অব্যাহত আছে প্ৰতিবাদ। গোৱালপাৰা চহৰৰ ফৰেষ্টগেটত শনিবাৰে অৰ্দ্ধউলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ গোৱালপাৰা জিলা সমিতিয়ে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আমছুৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে অসমীয়া ছাত্ৰ-ছাত্ৰীসকলক ভাবুকি দিয়া বৰাকৰ তথাকথিত বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ৰো প্ৰতিমূৰ্তি দাহ কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে "অসম আৰু অসমীয়া বিৰোধী হুঁচিয়াৰ, সৰ্বানন্দ সোণোৱাল মুর্দাবাদ, জাতিৰ নায়ক হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰক আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমছুৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি আনিমূল হক চৌধুৰীয়ে কয় যে. পৰিবৰ্তনৰ শ্ল'গানেৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰে জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল যদিও জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন অসমীয়াৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিবলৈ খুজিছে।

প্ৰতিবাদৰ ভাষা বুজি নোপোৱা চৰকাৰখনৰ বিৰুদ্ধে শনিবাৰে অৰ্দ্ধউলংগ হৈ প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে বুলিও উল্লেখ কৰে সংগঠনটোৱে। ইয়াৰ পিছতো যদি চৰকাৰে জনমতক উপেক্ষা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ চেষ্টা চলায়, তেন্তে ইয়াতকৈ ভয়াৱহ আন্দোলনৰ কার্যসূচী গ্রহণ কৰিবলৈ বাধ্য হ'ব বুলিও সকীয়াই দিয়ে। প্ৰতিবাদী কাৰ্যসূচীত বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপিও দাহ কৰে।