অসম

বিটিচিক ইউ টি চিলৈ উন্নীত কৰা প্ৰক্ৰিয়াৰ প্ৰতিবাদত ওদালগুৰিত ৬ জনগোষ্ঠীৰ প্ৰতিবাদ

asomiyapratidin

ডিজিটেল সংবাদ, টংলাঃ সুকীয়া বড়োলেণ্ড ৰাজ্যৰ দাবীত দীৰ্ঘ সময় ধৰি যুদ্ধ বিৰতিত থকা এন ডি এফ বি প্ৰগতিশীল আৰু ভাৰত চৰকাৰৰ মাজত চলি থকা শান্তি আলোচনাৰ সময়তে বৰ্তমানৰ বিটিচিক কেন্দ্ৰীয় স্বায়ত্ব শাসিত পৰিষদলৈ উন্নীত কৰাৰ প্ৰক্ৰিয়া চলি আছে। যাৰ বাবে বিটিএডিত বসবাস কৰা আন জনগোষ্ঠীৰ মৌলিক অধিকাৰ খৰ্ব হোৱাৰ আশংকাত আক্ৰাছুকে ধৰি ৬ জনগোষ্ঠীয়ে অব্যাহত ৰাখিছে তীব্ৰ প্ৰতিবাদ।

শুকুৰবাৰে বিটিএডিৰ আন জিলাৰ লগতে ওদালগুৰি জিলা সদৰতো ৬ জনগোষ্ঠীৰ কেইবা শতাধিক পুৰুষ-মহিলাই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি ৰাইজ তথা চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। শুকুৰবাৰে ওদালগুৰিৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আক্ৰাছু, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা, চাওতাল ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা আৰু এবি এমছুই ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদকাৰী সকলে বিটিচি চুক্তি পুনৰীক্ষণ আৰু জাতি-জনগোষ্ঠীসকলৰ অস্তিত্ব ৰক্ষাৰ দাবীত হাতে-হাতে বেনাৰ, প্লে'কাৰ্ড লৈ বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। আন্দোলনৰ অংশ লোৱা আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি দিব্যজ্যোতি কুমাৰ ডেকাই বিটিচি চুক্তিৰ জৰিয়তে গঠিত বিটিএডিত বাস কৰা আন আন জনগোষ্ঠীৰ ৰাজনৈতিক, অৰ্থনৈতিক, ভূমিৰ অধিকাৰ খৰ্ব কৰা হৈছে বুলি অভিযোগ কৰে।

কেন্দ্ৰীয় শাসিত পৰিষদ গঠন হ'লে বড়ো জনগোষ্ঠীৰ বাহিৰে আন জাতি-জনগোষ্ঠীসমূহৰ অস্তিত্বই নাইকিয়া হ'ব বুলিও মন্তব্য কৰে তেওঁ। এইক্ষেত্ৰত বিটিএডিত বাস কৰা ৭৯ শতাংশ আন আন জাতি-জনগোষ্ঠীসমূহৰ আৰ্থ-সামাজিক, ৰাজনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰ আৰু সংবিধান প্ৰদত্ত নাগৰিকৰ সকলো অধিকাৰ সুৰক্ষিত কৰাৰ স্বেতপত্ৰ প্ৰকাশ কৰিহে ২১ শতাংশ বড়ো জনগোষ্ঠীৰ কথা চৰকাৰে চিন্তা কৰাৰ দাবী জনায় ডেকাই৷ সংগঠনকেইটাই এই সন্দৰ্ভত ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত কৰাৰো দাবী জনায়৷