অসম

মাহমৰা-নামৰূপ সংযোগী পথ নিৰ্মাণত অনিয়ম, বিসংগতি তদন্তৰ দাবীত প্ৰতিবাদঃ স্মাৰক পত্ৰ প্ৰেৰণ…

asomiyapratidin

ডিজিটেল সংবাদ নামৰূপঃ নামৰূপ আৰু টিংখাং আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত  মাহমৰা-নামৰূপ সংযোগী পথ নিৰ্মাণ দ্ৰুতগতিত সম্পূৰ্ন কৰা আৰু এই নিৰ্মাণ কাৰ্যত প্ৰত্যক্ষ হোৱা অনিয়ম, বিসংগতিৰ তদন্তৰ দাবীত আজি দুপৰীয়া মাহমৰাত এক প্ৰতিবাদী "মানৱ শৃংখল" কাৰ্যসূচী ৰূপায়ন কৰে ।   প্ৰতিবাদী সকলে কয় যে নামৰূপ –  টিংখাং সংযোগী  মাহমৰা পথটো নিৰ্মাণকাৰ্য যোৱা ডেৰ বছৰৰ পৰাই চলি আছে। পথটো ৰ নিৰ্মাণকাৰ্য অতি নিম্ন মানৰ হোৱাৰ লগতে  অত্যাধিক লেহেমীয়া হৈছে।  

লক্ষণীয় যে এই সন্দৰ্ভত  বিভিন্ন সংগঠন আৰু ৰাইজে বহু বাৰ অভিযোগ বিভাগীয় দায়িত্বত থকা অভিযন্তা  নিত্যানন্দ  গগৈক  দিয়াৰ পিছতো  কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ  নকৰিলে।  প্ৰতিবাদী সকলে অভিযোগ উত্থাপিত কৰে যে- এই গৰাকী  বিষয়াৰ  দায়িত্বত থকা  নামৰূপৰ ধোদৰ আলিৰ লগতে নামৰূপৰ প্ৰায়সমূহ বাট-পথ তেওঁৰ কৰ্ম অদক্ষতা, অকৰ্মপটুতা  চৰিত্ৰৰ বাবেই ক্ৰমাৎ বিধ্বস্ত তথা জৰাজীৰ্ণ হৈ পৰিছে। 

যাৰ ফলত এই ভৰ বাৰিষাত দুৰ্ভোগ ভুগিছে  সাধাৰণ ৰাইজে।  এই বিষয়  সন্দৰ্ভত  নামৰূপ  আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সত্য প্ৰতিম ৰাজপুত আৰু সাধাৰণ সম্পাদক অসীম জ্যোতি ফুকনৰ স্বাক্ষৰিত এক  স্মাৰক পত্ৰ  টিংখাং ৰাজহ চক্ৰ বিষয়া  যোগেদি ডিব্ৰুগড় জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে প্ৰতিবাদী সকলে l  স্মাৰক পত্ৰত উল্লেখ কৰা হয় যে- মাহমৰা  পথ নিৰ্মাণৰ দায়িত্বত থকা  বি বি এণ্টাৰপ্ৰাইজে নিৰ্মাণকাৰ্যত বহু বিসংগতি আৰু অনিয়মৰ আশ্ৰয়  লোৱা হৈছে। ইয়াৰ উপৰিও পত্ৰখনত পূৰ্বে ব্যৱহৃত ৰূপত থকা কালভাৰ্টকে  পুনৰ  নিৰ্মান কৰা,  গুণগত ভাবে নিম্ন মানৰ লোহা, শিল আদি ব্যৱহাৰৰ অভিযোগ সন্নিৱিষ্ট কৰা হৈছে।

ইফালে পথ  বহল কৰাৰ নামত  বিদ্যুৎ সংযোগী খুঁটা পথৰ মাজত ৰাখিয়েই নিৰ্মাণ কাৰ্য্য  সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিছে বুলিও স্মাৰক পত্ৰত উল্লেখ কৰে।  নিৰ্মাণ গোষ্ঠী বি বি এণ্টাৰপ্ৰাইজৰ ওপৰত বিহিত ব্যৱস্থা  গ্ৰহণ কৰাৰ  দাবী জনোৱাৰ লগতে বিভাগীয় দায়িত্বত থকা অভিযন্তা  নিত্যানন্দ  গগৈৰ দায়িত্বৰ প্ৰতি  কৰা অৱহেলাৰ বাবে যি পৰিস্থিতি সৃষ্টি হৈছে তাৰ বাবে বিষয়া গৰাকীৰ ওপৰত  বিহীত ব্যৱস্থা  গ্ৰহণ কৰিবলৈ দাবী জনায় স্মাৰক পত্ৰখনত।