অসম

অসম চুক্তিৰ বিশেষ দফাৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ১৯৫১ চনৰ ভিত্তিতহে অসমৰ পৰা বিদেশী বিতাড়নৰ দাবীত হিন্দু যুৱ ছাত্ৰ পৰিষদ (অসম)ৰ কৰ্মীয়ে শনিবাৰে কোকৰাঝাৰ চহৰত অসম চুক্তিৰ বিশেষ দফা (৫ঃ৮ )ৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে৷ কোকৰাঝাৰ জিলা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত চহৰখনৰ ৰে'ল গেটৰ সমীপত ৰূপায়িত হোৱা উক্ত কাৰ্যসূচীত পৰিষদৰ একাংশ নেতা-কৰ্মীয়ে অংশ লৈ উল্লেখিত দফাৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷

কাৰ্যসূচীত অংশ লোৱা পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সচিব বসন্ত দাসে এই চুক্তি সম্পাদনা কৰা তদানীন্তন আছু আৰু কংগ্ৰেছ নেতৃত্বক সমালোচনা কৰি কয় যে কোনো কাৰণতে অবৈধ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন মানি লোৱা নহ'ব৷ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ ৰাজ্য খনত প্ৰস্তুত হৈ থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম কৰাৰ বাবে চৰকাৰক দাবী জনায় পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সচীব গৰাকীয়ে৷ প্ৰতিলিপি দাহ কাৰ্যসূচীত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ সভাপতি ৰুমাল বসুমতাৰী আৰু সাধাৰণ সম্পাদক শ্যামল দেৱনাথ উপস্থিত থাকে৷