অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে ৰাজপথত বেংগলী সমাজ

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধয়েকৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে এইবাৰ বিধেয়কখনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে খোদ বেংগলী সমাজ। মঙলবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া ভাষী বেংগলী সমাজে।

কামপুৰৰ ৮৫৫জন শ্বহীদৰ বেদীত সেৱা জনাই তীব্ৰ প্ৰতিবাদত নামে সংগঠণটোৱে। কামপুৰ নগৰৰ মাজৰে প্ৰায় দুই শতাধিক পুৰুষ-মহিলাই জোঁৰ লৈ সমদল বাহিৰ কৰে। প্ৰতিবাদকাৰীসকলে বিৰ্তকিত বিধেয়কখন বাতিলৰ দাবীৰে শ্ল'গান দি আকাশ-বতাহ কঁপাই তোলে৷ ইফালে অসমীয়া-বঙালীৰ মাজত জাতিগত বিভেদ নানিবৰ বাবেও চৰকাৰৰ ওচৰত দাবী জনাই বেংগলী সমাজে৷