অসম

দুমাহৰ প্ৰাপ্য দৰমহা বিচাৰি মৰাণত অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

asomiyapratidin

ডিজিটেল সংবাদ, মৰাণঃ শৰতৰ আগমণ ঘটিছে। ধৰাৰ বুকুত দুৰ্গতিনাশিনীক আদৰাৰ প্ৰস্তুতি সম্পন্ন কৰি সকলোৱে দুৰ্গা পূজাৰ আনন্দ উছাহৰ মাজত বুৰ গৈছে। সকলোৰে মনত দুৰ্গা পূজাৰ আনন্দ উছাহে ঢৌ তুলিলেও মৰাণৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে কিন্তু পূজাৰ আনন্দ লভা নাই। কাৰণ লগত নাই ধন।

ৰাজ্যৰ অংগনবাড়ী সহায়িকা-কৰ্মীসকলক চৰকাৰে প্ৰদান কৰি অহা সামান্য দৰমহাখিনিও যোৱা দুমাহ ধৰি লাভ কৰা নাই মৰাণৰ অংগনবাড়ী সহায়িকা-কৰ্মীসকলে। যাৰ পৰিপ্ৰেক্ষিতত পূজাৰ সময়ত বিপাঙত পৰিছে তেওঁলোকে।

ইফালে নিজৰ দুমাহৰ প্ৰাপ্য দৰমহা আৰু পাঁচমাহৰ বকেয়া ধন বিচাৰি মৰাণৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে সোমবাৰে মৰাণৰ তিলৈস্থিত খোৱাং সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্য্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰে প্ৰদান কৰা নূন্যতম দৰমহাখিনি পূজাৰ ভিতৰতে প্ৰদান কৰাৰ দাবী উত্থাপন কৰি মৰাণৰ প্ৰায় অৰ্ধ শতাধিক কৰ্মী আৰু সহায়িকাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীসকলে সদৌ অসম অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাৰ খোৱাং প্ৰকল্পৰ সভানেত্ৰী ময়ুৰী চেতিয়া বাইলুং আৰু সম্পাদিকা ৰিণু বেগমৰ স্বাক্ষৰিত এক দাৱী সম্বলিত স্মাৰক পত্ৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ যোগেদি জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে। ইফালে জিলা প্ৰশাসনে তেওলোকৰ প্ৰাপ্য দৰমহা পূজাৰ মাজতে প্ৰদান কৰাৰ আশ্বাস দিয়ে।