অসম

ৰাইজক আন্ধাৰত ৰখা অ’ এন জি চিৰ বিৰুদ্ধে লাকুৱাত প্ৰতিবাদ

asomiyapratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ অ' এন জি চিৰ বিৰুদ্ধে চৰাইদেউ জিলাৰ লাকুৱাত শনিবাৰে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। অ' এন জি চিয়ে বিগত ৫ দিন ধৰি অঞ্চলটোত বিদ্যুৎ যোগান বন্ধ কৰি ৰখাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে অ' এন জি চিৰ কাম-কাজ বন্ধ কৰি লাকুৱাস্থিত অ' এন জি চিৰ ৯নং জি জি এছৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লখ্য যে, লাকুৱা তৈলক্ষেত্ৰৰ স্থানীয়লোকসকলক অ' এন জি চিয়ে বিনামূলীয়াকৈ বিদ্যুৎ যোগান ধৰিব লাগে যদিও বিগত ৫ দিন ধৰি স্থানীয় লোকসকলক বিদ্যুৎ যোগান বন্ধ কৰি ৰাখিছে অ' এন জি চিয়ে।