অসম

দৌলাশালত সাংবাদিক পৰাগ ভূঞা হত্যাৰ প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ কাকপথাৰৰ প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক তথা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উপ সভাপতি পৰাগ ভূঞাক বুধবাৰে নিশা পৰিকল্পিতভাৱে হত্যা কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ দৌলাশালতো মৌন প্ৰতিবাদ সাৱ্যস্ত কৰে অঞ্চলটোৰ সাংবাদিকসকলে। হাজো- দৌলাশাল- বৰপেটা গড়কাপ্তানি পথৰ দৌলাশালত নলবাৰী জিলাৰ দক্ষিণ পশ্চিম সীমান্ত আৰু বৰপেটা জিলাৰ পূব সীমান্ত অঞ্চলৰ সাংবাদিকসকলে একত্ৰিত হৈ সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ মৌন প্ৰতিবাদ সাৱ্যস্ত কৰে৷

সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ আহ্বান মৰ্মে হাজো-দৌলাশাল গড়কপ্তানি পথত থিয় হৈ মুখত ক'লা কাপোৰ পৰিধান কৰি হাতত প্লেকাৰ্ড লৈ মৌন প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদী সাংবাদিকসকলে পৰাগ ভূঞাৰ হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ত্ব কৰক, সাংবাদিক গৰাকীৰ পৰিয়ালক ন্যায় প্ৰদান কৰক, সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰক ইত্যাদি প্লেকাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম সাংবাদিক সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য তফিকুৰ ৰহমান, জ্যেষ্ঠ সাংবাদিক লীলাধৰ পাঠকসহ ভালে কেইজন জ্যেষ্ঠ-কনিষ্ঠ সাংবাদিক উপস্থিত থাকে৷

সাংবাদিকসকলৰ প্ৰতিবাদত হাজো-দৌলাশাল পথত কিছু সময় ধৰি তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ৷ প্ৰতিবাদত জ্যেষ্ঠ সাংবাদিক লীলাধৰ পাঠকে উপস্থিত থাকি সাংবাদিকক সুৰক্ষা প্ৰদান কৰিব নোৱাৰা বিজেপি নেতৃত্বাধীন চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি পৰাগ ভূঞাৰ হত্যাকাৰীক অনতি পলমে চিনাক্ত কৰি পৰাগ ভূঞাৰ পৰিয়ালক ন্যায় প্ৰদান আৰু সাংবাদিক সুৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ আহ্বান জনায় গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷

ইপিনে সাংবাদিকগৰাকীক হত্যাৰ প্ৰতিবাদত বিৰিণা গোষ্ঠী অসম, বৰক্ষেত্ৰী প্ৰেছ ক্লাৱ,এছ.এফ.আইৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতি, চেঙা আঞ্চলিক ছাত্ৰ সন্থা,বৰপেটা জিলা গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰি দোষীয়ে যাতে ৰাজনীতিৰ মেৰপেচত সাৰি যাৱ নোৱাৰে তাৰে বাবে সৰ্বানন্দ সোণোৱালক আহ্বান জনায় ৷