অসম

নতুন শিক্ষা নীতিয়ে ভাৰতৰ বিকাশত অৰিহণা যোগাবঃ প্ৰধানমন্ত্ৰী…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ নতুন শিক্ষানীতিক লৈ বৃহস্পতিবাৰে কেন্দ্ৰীয় মানৱ সংসাধন বিকাশ মন্ত্ৰণালয় আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে আয়োজন কৰা ডিজিটেল এক সমাৰোহত প্ৰধানমন্ত্ৰীয়ে বক্তব্য ৰাখে। প্ৰায় ৩৪বছৰৰ মুৰত দেশত প্ৰযোজ্য হোৱা নতুন শিক্ষা নীতিক উচ্চ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, নতুন শিক্ষানীতিয়ে দেশত বিকাশত অধিক পৰিমাণে অৰিহনা যোগাব।

প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে, ৰাষ্ট্ৰীয় শিক্ষা নীতিক লৈ আয়োজন কৰা এই সমাৰোহ অতিকৈ গুৰুত্বপূৰ্ণ। এই সমাৰোহৰ জৰিয়তে নতুন শিক্ষানীতিৰ বিষয়ে পুংখানুপুংখভাৱে মানুহ্ জানিব পাৰিব। যিমানেই স্পষ্টৰূপত মানুহে এই শিক্ষানীতিৰ বিষয়ে জানিব, সিমানেই এই শিক্ষানীতিয়ে অধিক লাভৱান কৰিব দেশক।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, এই কথা অতিকৈ আনন্দৰ বিষয় যে, নতুন শিক্ষানীতিক লৈ আজি সকলো শ্ৰেণীৰ লোক সন্তুষ্ট। কোনোৱে এই শিক্ষানীতিক পক্ষাপাতিত্ব বুলি অভিহিত কৰা নাই। কিন্তু ইয়াৰ মাজতে একাংশৰ প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক। কিন্তু ইয়াৰ মাজতে বিভিন্ন শ্ৰেণীৰ লোকে নতুন শিক্ষানীতিক লৈ যি গঠনমূলক সমালোচনা কৰিছে সেয়া সচাঁকৈ প্ৰশংসনীয়।