অসম

কোকৰাঝাৰ সমষ্টিত মনোনয়ন দাখিল কৰিব পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ভাৰতৰ নিৰ্বাচন আয়োগৰ পঞ্জীয়নকৃত আৰু স্বীকৃত ৰাজনৈতিক দলৰ পৰা প্ৰাৰ্থী হিচাপে মই কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে নিজ মনোনয়ন পত্ৰ দাখিল কৰিম। এই মন্তব্য কৰিছে পৃথ্বিৰাজ নাৰায়ণ দেৱ মেচে ।দেওবাৰে কোকৰাঝাৰ গৌৰাং ভেলী হোটেলত আয়োজিত হোৱা এক সংবাদমেলত পৃথ্বিৰাজ নাৰায়ণ দেৱ মেচে উক্ত মন্তব্য প্ৰকাশ কৰি মনোনয়ন দাখিল কৰাৰ দিনটোত সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে।

উল্লেখ্য যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে বিপিএফৰ প্ৰাৰ্থী তালিকাত নাম থকা পৃথ্বিৰাজ নাৰায়ন দেৱ মেচৰ আজিৰ বক্তব্যত বহু প্ৰশ্নৰ উদয় হৈছে । বিপিএফত তেওঁৰ প্ৰাৰ্থীত্ব চুড়ান্ত নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নত্তোৰত পৃথ্বিৰাজ নাৰায়ণ দেৱ মেচে কয় যে সেয়া বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়েহে কব পাৰিব । তেওঁ মনোনয়ন দাখিল ক্ষেত্ৰত কয় যে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নহয় তেওঁ পঞ্জীকৃত আৰু স্বীকৃত ৰাজনৈতিক দলৰ প্ৰাৰ্থী হিচাপে মনোনয়নপত্ৰ দাখিল কৰিব বুলি স্পষ্ট কৰি দিয়ে। সকলো জাতি জনগোষ্ঠীক লৈ আগুৱাই যোৱাৰ সপোন দেখা পৃথ্বিৰাজ নাৰায়ণ দেৱ মেচে সংসদত বলিষ্ট ভূমিকা গ্ৰহণ কৰিব আৰু বিটিচিৰ উন্নয়নৰ বাবে মাত মাতিব বুলি মন্তব্য কৰিছে ।

কোকৰাঝাৰ লোকসভাৰ নিৰ্বাচনী যুঁজখন এইবাৰ মহাভাৰতৰ যুদ্ধৰ লেখিয়া হ'ব আৰু ইয়াৰ ন্যায় -অন্যায় আৰু ধৰ্ম-অধৰ্মৰ মাজত যুঁজ হৈ সত্য প্ৰতিষ্ঠা হ'ব বুলি আশা প্ৰকাশ কৰিছে পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে । বিপিএফ দলৰ পৰা টিকট লাভ নকৰিলে আন দলৰ প্ৰাৰ্থী হিচাপে হ'লেও কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচন খেলিব নেকি বুলি প্ৰশ্নৰ উদয় হৈছে যদিও পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে এই সকলোবোৰ আওকাণ কৰি মাথো পঞ্জীয়নকৃত আৰু স্বীকৃত ৰাজনৈতিক দলৰ পৰা প্ৰাৰ্থী হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে নিজ মনোনয়নপত্ৰ দাখিল কৰিম বুলি মন্তব্য কৰিছে ।

আনহাতে ইউপিপিএল দলৰ কোকৰাঝাৰ লোকসভাৰ প্ৰাৰ্থীগৰাকী নিৰ্বাচনী যুঁজত তিনিনম্বৰ স্থানত থাকিব বুলি মন্তব্য কৰিছে পৃথ্বিৰাজ নাৰায়ণ দেৱ মেচে । ইপিনে বিপিএফৰ প্ৰাৰ্থী তালিকাৰ পেনেল লিষ্টত নাম থকা খাম্পা বৰগয়াৰীৰ বিৰুদ্ধে দুৰ্ষ্কৃতিকাৰী চক্ৰই ভুৱা ষড়যন্ত্ৰ কৰি অপপ্ৰচাৰ চলাইছে বুলি মন্তব্য কৰি বিপিএফৰ নেতাৰ চৰিত্ৰত কোনো দাগ নাই বুলি মন্তব্য কৰে পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে ।