অসম

গোৱালপাৰাত পুনৰ কোৰোনা পজিটিভ মহিলাৰ অকাল মৃত্যু, শেষকৃতৰ বাবে পৰিয়ালৰ লোকক দিয়া নহ’ব শৱদেহ…

asomiyapratidin

ডিজিটেল সংবাদ, গোৱালপাৰা : গোৱালপাৰাত পুনৰ ক'ভিড-১৯ পজিটিভ মহিলা এগৰাকীয়ে বুধবাৰৰ নিশা অকাল মৃত্যুক সাবতি লৈছে।গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ কোৰোনা কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যু ঘটা ৩৬ বছৰীয়া মহিলাগৰাকীৰ নাম হ'ল আন্না দাস।জানিব পৰা মতে, গোৱালপাৰা চহৰৰ বেলতলাস্থিত আন্না দাস দীৰ্ঘদিন ধৰি মধুমেহ ৰোগীত ভূগি আছিল।

দুদিনমানৰ পৰা তেওঁৰ অসুস্থতা বৃদ্ধি পোৱাত প্ৰথমে তেওঁক চহৰৰ এখন ব্যক্তিখত খণ্ডৰ নাৰ্ছিং হোমলৈ নিয়া হৈছিল।হাস্পতালত ভৰ্তি কৰাৰ পূৰ্বে তেওঁক ক'ভিড-১৯ পৰীক্ষা কৰাত ৰিজাল্ট পজিটিভ হয়।পিছত জিলা স্বাস্থ্য বিভাগে বুধবাৰে গোৱালপাৰা অসামৰিক চিকিৎসালয় চৌহদত থকা কোৰোনা কেয়াৰ চেণ্টাৰত তেওঁক ভৰ্তি কৰি চিকিৎসা আৰম্ভ কৰে।কিন্ত চৌব্বিছ ঘণ্টা হ'বলৈ নৌপাওঁতেই চিকিৎসাধীন অৱস্থাতে আন্না দাসে বুধবাৰৰ নিশা ১১.৩০ বজাৰ পিছত শেষ নিশ্বাস ত্যাগ কৰে।

স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা মতে মৃত মহিলাগৰাকীৰ শৱদেহ পৰিয়ালৰ লোকক গতাই দিয়া নহয়।ক'ভিড প্ৰটকল অনুসৰি বৃহস্পতিবাৰে স্থানীয় শ্মশানত মহিলাগৰাকীৰ শৱদেহৰ শেষকৃত সংশ্লিষ্ট কৰ্তৃপক্ষই কৰিব।বুধবাৰে নিশা মৃত্যুৰ ওচৰত হাৰ মনা আন্না দাসকে ধৰি জিলাখনত ক'ভিড-১৯ পজিটিভ ৰোগীৰ মৃত্যুৰ সংখ্যা তিনিজলৈ বৃদ্ধি হৈছে।