অসম

মহানগৰীৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ সন্মুখত প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ প্ৰতিবাদ, VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ সন্মুখত মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই। সংস্থাটোৱে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকক চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে। প্ৰতিবাদকাৰীসকলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰি কেইবাটাও সমস্যাৰ কথা অৱগত কৰে।

প্ৰতিবন্ধীসকল জাতি, মাটি, ভেটিৰ শ্লোগানৰ অন্তৰ্ভুক্ত নহয় নেকি বুলিও স্মাৰকপত্ৰত লিখে প্ৰতিবন্ধীসকলে। প্ৰতিবন্ধী আইন, ২০১৬ৰ ৩৪ নং দফা অনুসৰি প্ৰতিবন্ধীসকলৰ বাবে ৪ শতাংশ পদ সংৰক্ষণ থাকিব লাগিছিল যদিও নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে বঞ্চনাৰ আশ্ৰয় লোৱা বুলি তেওঁলোকে অভিযোগ কৰে।

প্ৰতিবন্ধীসকলে যদিহে চৰকাৰে গুৰুত্ব নিদিয়ে তেন্তে অধিক তীব্ৰ ৰূপত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিয়ে।