অসম

বিতৰ্কৰ অন্ত পেলাই ৰাজমুকুট থিয়েটাৰত চুক্তিবদ্ধ হ’ল অভিনেত্ৰী প্ৰাঞ্জনা দত্ত

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতত বিগত কিছুদিনৰ পৰা প্ৰযোজক-অভিনেত্ৰীৰ মাজত হোৱা ভুল বুজাবুজিৰ বাতৰিয়ে খবৰ কাকতত স্থান লাভ কৰিছিল যদিও বৰ্তমান সময়ত অৱসান পৰিছে এই বিতৰ্কৰ। নাটকক লৈ চলা অসন্তুষ্টি অব্যাহত থকাৰ মাজতে বৰদৈচিলা থিয়েটাৰ এৰি ৰাজমুকুট থিয়েটাৰত চুক্তিবদ্ধ হ'ল জনপ্ৰিয় অভিনেত্ৰী প্ৰাঞ্জনা দত্ত।

২০১৯-২০ বৰ্ষৰ ৰাজমুকুট থিয়েটাৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে অভিনেত্ৰী গৰাকী। থিয়েটাৰখনৰ প্ৰযোজক মানস কলিতাই এইবছৰৰ অভিনয়ৰ বাবে প্ৰাঞ্জনা দত্তৰ লগতে সহ অভিনেতাৰূপে ৰাজকুমাৰ, পৰেশ গোস্বামী, বীৰেন ভূঞা, নৱ কাশ্যপ তথা মিতুল বালাজী আদি থাকিব বুলি জানিবলৈ দিছে। উল্লেখ্য যে, থিয়েটাৰখনৰ অন্যতম নাটক ৰাজদ্বীপৰ 'বীৰাংগনা'ৰ মূল চৰিত্ৰটোৰ নাম ভূমিকাত আছে অভিনেত্ৰী প্ৰাঞ্জনা দত্ত।