অসম

মোৰ ঘৰলৈ নাহিব প্ৰচাৰ চলাবলৈঃ ঘৰত জাননী অঁৰা প্ৰমোদে দিলেনে ভোট?

asomiyapratidin

ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতেই ১৬ নবেম্বৰত এজন ব্যক্তি চৰ্চালৈ আহিছিল। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ঘৰৰ সন্মুখত আঁৰি দিছিল এখন জাননী। কোনো ৰাজনৈতিক দলক নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ নাহিবলৈ সতৰ্ক কৰি দি এইদৰে অঁৰা জাননীত তেওঁ লিখিছিল-

'ৰাজনীতি প্ৰতি অনিহায়। সাৱধান ইয়াত প্ৰৱেশ নকৰিব। ইয়াত কোনো দান-পাত্ৰ নাই। আপোনালোকক দান দিবলৈ মই দাতা কৰ্ণ নহ'লো। কাৰণ ইয়াত দুটা পৰিয়ালৰ বসবাস। ৩০দিনকৈ বাৰ মাহ, ৩৬৫দিন, ৫বছৰকৈ বহু বছৰেই পাৰ হৈ গ'ল। এতিয়া ৫ মিনিট সময় নষ্ট কৰিব নালাগে। কাৰণ এই চৌহদত দুটা মাথো পৰিয়াল। আপোনালোকৰ প্ৰৱেশৰ অধিকাৰ বহু দিনৰ আগতে শেষ হৈ গ'ল। মই ভাৰতবৰ্ষৰ নাগৰিক। মোৰ অধিকাৰ আছে। অসম মাতৃ মোৰ জন্মভূমি। মোৰ বাক্ স্বাধীনতা আছে। আপোনালোকৰ নাথাকিব পাৰে। আপোনালোক মুকবধিৰ হ'ব পাৰে। মই নহওঁ। ৭২টা মাতৃভূমিক ভালপোৱা জাতীয় সংগঠনৰ লগত মই আছো আৰু থাকি ২০১৬ বিধেয়ক মই বিৰোধিতা কৰো। আপোনালোকৰ জ্ঞাতাৰ্থে জনালোঁ যে, মোৰ এই জাননী ৪ ডিচেম্বৰ ২০১৮ ৰাতি ১২ বজালৈকে বাহাল থাকিব।

শ্ৰী প্ৰমোদ হাজৰিকা (মহাজন)

ধনপুৰ।'

পিছে তেওঁ আজি ভোটদান সাব্যস্ত কৰিলেনে? প্ৰমোদ হাজৰিকাৰ ওপৰত দৃষ্টি আছিল আমাৰ। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক তেওঁ জানিবলৈ দিয়া মতে, ধনপুৰ ভোট গ্ৰহণ কেন্দ্ৰত পুৱাই সাব্যস্ত কৰিলে ভোটাধিকাৰ। পুৱা ৭.০২ বজাত ভোটগ্ৰহণ কেন্দ্ৰটোত আৰম্ভ হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া। শাৰী পাতি প্ৰমোদ হাজৰিকাই ৫ নম্বৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক তেওঁ জনালে- তেওঁ ভোট দিছে। কোনোবা এজনক তেওঁ উপযুক্ত বুলি ভাবিলে, সেয়েহে ভোট দিবলৈ গ'ল।