অসম

কোকৰাঝাৰৰ ৰাজপথত হাতত জোৰ লৈ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰত অব্যাহত থকা স্প্ৰেমেন, অনৈতিক আৰু অমানৱীয় ঘটনা সংঘটিত হৈ থকাৰ প্ৰতিবাদত দেওবাৰে সন্ধিয়া ৬ঃ০০ বজাত কোকৰাঝাৰ সদৰ চহৰত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ নেৰ্তৃত্বত জোৰ সমদল বাহিৰ হয়। সদৰ চহৰৰ এমআৰএম হস্পিতালৰ নিটকৰ পৰা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ নেৰ্তৃত্বত বাহিৰ হোৱা সমদলটোৱে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰে সদৰ চহৰ পৰিভ্ৰমণ কৰি কৰি নাৰী নিৰ্যাতনৰ বিৰুদ্ধে হুংকাৰ দিয়ে।

সদৰ চহৰৰ মহিলাসকলে স্বতৰ্ফূতভাৱে জোৰ সমদলত অংশগ্ৰহণ কৰি স্প্ৰেমেনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে আৰু দুস্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তোলে। কোকৰাঝাৰ সদৰ চহৰৰ নিকটৰ এমআৰএম হস্পিতালৰ কাষৰ পৰা দেওবাৰে সন্ধিয়া উলিওৱা প্ৰতিবাদী সমদলত নেতৃত্ব দি মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই চহৰ ভ্ৰমি স্প্ৰেমেন হুচিয়াৰ, নাৰী সমাজক সুৰক্ষা দিওক, দুষ্ট চক্ৰক গ্ৰেপ্তাৰ কৰি শাস্তি দিওক, ইত্যাদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

পিছত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই নাৰী সকলক সজাগ হোৱাৰ আহ্বান জনাই স্প্ৰেমেন, অমানবীয়, অনৈতিক কাৰ্য ৰোধ কৰিবলৈ দাবী জনাইছে।

মন্ত্ৰী ব্ৰহ্মই কোকৰাঝাৰত সংঘটিত হোৱা ধাৰাবাহিক ঘটনাক উদ্বেগ ব্যক্ত কৰি নাৰী সমাজক সুৰক্ষাৰ বাবে ৰাজপথত নমা বুলি স্বীকাৰ কৰি প্ৰশাসনক অচিৰে কোকৰাঝাৰ জিলাত আতংকৰ সৃস্টি কৰা অসামাজিক চক্ৰক কঠোৰ হাতেৰে দমন কৰা দাবী তোলে৷ এইক্ষেত্ৰত শেহতীয়াকৈ সংঘটিত হোবা ঘটনাত ৰাজনৈতিক ষড়যন্ত্ৰৰ উমান পোৱা বুলিও মন্তব্য কৰে মন্ত্ৰী ব্ৰহ্মই।