অসম

মাজবাট কৃষি বিভাগৰ উদ্যোগত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সজাগতা সভা

Asomiya Pratidin

ডিজিটেল সংবাদ,ওৰাং: মাজবাট কৃষি বিভাগৰ উদ্যোগত মেৰাবিল ভি চি ডি চিৰ গৰৈমাৰীৰ ৰাজহুৱা ৰঙ্গত সোমবাৰে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সজাগতা সভা অনুষ্ঠিত হয়। ২ ডিচেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ সমগ্ৰ ওদালগুৰি জিলাতে ফচল বীমা সপ্তাহ আৰম্ভ হৈছে।

ইয়াৰ অংশ হিছাপে আজি মাজবাট কৃষি উন্নয়ন খণ্ডৰ অন্তৰ্গত মেৰাবিলৰ গৰৈমাৰীত কৃষক সকলক মাজত সজাগতা সভা অনুষ্ঠিত হয়। এই সজাগতা সভাতে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত খেতি নষ্ট হলে কৃষক সকল কেনেদৰে উপকৃত হব তাক লৈ পৰামৰ্শ আগবঢ়াই মাজবাট কৃষি উন্নয়ন খণ্ডৰ কৃষি বিষয়া হিমাদ্ৰী গগৈয়ে।

খেতিৰ বীমা অৰ্থাৎ ফচল বীমা আঁচনি কৰিবলৈ কৃষক সকলক আহ্বান জনাই। কৃষক সকলক উপকৃত কৰাৰ বাবে ফচল বীমা সম্পৰ্কে কৃষি বিভাগে এই সজাগতা অভিযান আৰম্ভ কৰিছে। এই সজাগতা সভাত উপস্থিত থাকে মাজবাট কৃষি খণ্ডৰ কৃষি বিষয়া উৎপল কুমাৰ ডেকা, জৌংছাৰ বসুমতাৰী আৰু এছ দি এফ চি ইগোৰ সদস্যসকল।