অসম

অৰ্চনা মহন্তক শেষ বিদায় জনাই উচুপি উঠিল বিশিষ্ট বাঁহী বাদক প্রভাত শৰ্মা…

asomiyapratidin

ডিজিটেল ডেস্কঃ অৰ্চনা মহন্তক শেষ বিদায় জনাবলৈ আহি উচুপি উঠিল বিশিষ্ট বাঁহী বাদক প্ৰভাত শৰ্মা। অসুস্থ দেহাৰেই অৰ্চনা মহন্তৰ নশ্বৰদেহত কেইপাহমান ফুল চটিয়াই আৱেগিক হৈ পৰা বাঁহী বাদকগৰাকীক এনেদৰে উচুপি উঠা দেখি উপস্থিত থকা আন ব্যক্তিসকলৰো চকু সেমেকি উঠিল।

উল্লেখযোগ্য যে, অৰ্চনা মহন্তৰ সন্মুখৰ ঘৰটোতে বাস কৰা ঘৰটোৱে প্ৰভাত শৰ্মাৰ। পুৱা-গধূলি লগ পোৱাৰ স্মৃতিয়ে ভাবুক কৰি তুলিলে বিশিষ্ট শিল্পীজনকো। এডাল লাঠীৰ ওপৰত ভৰ দি থৰক-বৰক খোজেৰে প্ৰভাত শৰ্মাই অৰ্চনা মহন্তক শেষ বিদায় জনাই একো মন্তব্য নকৰিলেও তেওঁৰ ভাবুক মুখখন আৰু দুচকুৰে বিৰিঙি উঠা চকুপানীবোৰে কৈ গ'ল বহু কথা।

উল্লেখ্য যে, ২৭ আগষ্টৰ পুৱাৰ ভাগত হেলথচিটীত মুত্যু হোৱা অৰ্চনা মহন্তৰ নশ্বৰদেহ তেওঁৰ বাসগৃহত আহি পোৱাৰপাছতেই যথেষ্ট সংখ্যক লোকে আহি ভিৰ কৰে। শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ গুণমুগ্ধসকলে। ৰাজ্যিক মৰ্যাদাৰে আৱেলি ৪ বজাত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া নৱগ্ৰহত সম্পন্ন হ'ব।