অসম

চৰকাৰী উন্নত বীজৰ পৰা এতিয়া কৃষকে ধান নাপায়, পাব কেৱল পতান…

asomiyapratidin

ডিজিটেল সংবাদ,ওৰাং: এইবাৰ বানপানী নহয় , বানপানীৰ পৰিৱৰ্তে এইবাৰ কৃষকৰ পকা ধানহে হৈ পৰিছে ডাঙৰ সমস্যা । হয়, চৰকাৰী উন্নত বীজৰ পৰা আপুনি ধান নাপায় পাব এতিয়া কেৱল পতান। এই ঘটনা সংঘটিত হৈছে ওৰাঙৰ ধনশ্ৰীঘাটৰ সমীপৰ গৰৈমাৰী গাঁৱত। গৰৈমাৰী গাঁৱৰ কৃষকে এতিয়া ধানৰ ঠাইত পতান ওলোৱা বাবে মূৰে কপালে হাত দিব লগা হৈছে। ওদালগুৰি জিলাৰ ৰৌতাস্থিত কৃষি বিভাগৰ কাৰ্য্যালয়ৰ জৰিয়তে গাঁও খনৰ কৃষক সকলক উন্নত ধানৰ বীজ যোগান ধৰিছিল। কিন্তু কৃষি বিভাগে যোগান ধৰা এই ধানৰ বীজ মূৰকত গৈ উৎপাদন হ'ল কেৱল পতান । যাৰ বাবে অতি কষ্টৰে খেতি কৰাৰ পাছতো কৃষকে জ্বলাই দিব লগা হৈছে ধান খেতি।

ইয়াৰ উপৰিও পকা ধানৰ খেতিৰ ওপৰত এৰাল দিব লগা হৈছে পোহনীয়া গৰু-গাই । বিঘাই প্ৰতি ২৫- ৩০ মোন কৈ ধান উৎপাদন হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল কৃষি বিভাগৰ কাৰ্য্যালয়ৰ কৰ্মচাৰীয়ে। কিন্তু ২৫-৩০ মোন কৈ ধান উৎপাদন হোৱাটো বাদেই কাতিবই নাপালে পকা ধান । উন্নত বিজ্ঞান সন্মত ধানৰ বীজ অনিয়ন সংঘটিত কৰা এয়াই হৈছে আমাৰ অসম চৰকাৰৰ কৃষি বিভাগ।য'ত উন্নত ধানৰ বীজৰ পৰা উৎপাদন হয় পতান ।

কৃষি বিভাগৰ এই অমনোযোগিতাৰ বাবেই এতিয়া কৃষকে কপালৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰা খেতি ডৰাত কাতিবলৈ নাপালে পকা ধান । সমগ্ৰ খেতি ডৰাত ধানৰ পৰিবৰ্তে পতান ওলোৱাত এতিয়া চৰাইয়েও নপৰা হৈছে খেতি ডৰাত । উন্নত বীজৰ নামত নিম্ন মানদণ্ডৰ বীজ যোগান ধৰি কৃষক সকলক বিপদত হে পেলালে কৃষক সকলক । কাৰন এতিয়া বাৰিষা পাৰ হৈ শাওনৰ মাহ সোমালে আৰু এতিয়া এই পতান হোৱা ধান কাতি নতুনকৈ ধান খেতি কৰিবলৈ সময় নাই কৃষক সকলৰ । যাৰ ফলত এতিয়া ‌কূষি বিভাগৰ পৰা প্ৰতাৰিত হৈ জ্বলাই দিব লগা হৈছে অতি কষ্টৰে খেতি কৰা পকা ধান।