অসম

চকুলো টুকি সহায় বিছাৰিলে মায়াশ্ৰীয়ে..

Asomiya Pratidin

ডিজিটেল সংবাদ ,ঢকুৱাখনা: এজনী ফুল কুমলীয়া কিশোৰী। দুচকুত অযুত সপোন। খাটি খোৱা দৰিদ্ৰ পিতৃ মাতৃক দাৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ দিয়াৰ দুৰ্বাৰ স্বপ্ন আছিল কিশোৰী গৰাকীৰ। পিছে কিশোৰী গৰাকীৰ এই স্বপ্নত যেন চেঁচা পানী পেলালে ৰোগ-পীড়াই। বিদ্যায়তনিক ক্ষেত্ৰখনৰ পৰা আঁতৰি এতিয়া দিবা-নৈশ যুঁজ দিব লগা হৈছে জীৱন ৰক্ষাৰ যন্ত্ৰনাদায়ক  সংগ্ৰামত । 

মাত্ৰ ১১ বছৰ বয়সতে দুৰ্বিসহ যন্ত্ৰণাই কোঙা কৰি তোলা এইগৰাকী কিশোৰীৰ নাম মায়াশ্ৰী চুতীয়া। ঘৰ ঘিলামৰা মৰনৈ পঞ্চায়তৰ পাৰঘালী গাঁওত । গাঁওখনৰ দৰিদ্ৰ চহা বিমলা প্ৰসাদ চুতীয়া আৰু মাতৃ ৰূপা চুতীয়াৰ কন্যা মায়াশ্ৰী । বাসুদেৱ থান শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়নৰত মায়াশ্ৰী পুস্পিতা হোৱাৰ পাছৰে পৰা আক্ৰান্ত হৈ আহিছে ঋতুশ্ৰাৱজনিত জটিল ৰোগত । বিগত প্ৰায় ডেৰ বছৰ ধৰি আক্ৰান্ত হৈ অহা মায়াশ্ৰীক এই জটিল ৰোগৰ পৰা সকাহ দিবলৈ চিকিৎসাৰ ক্ৰুটি কৰা নাই অভিভাৱকে ।

ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি সকলোতে গাঁঠিৰ ধন ভাঙি নিৰন্তৰ চিকিৎসা কৰিও কোনো সুফল লাভ কৰা নাই । ঘৰৰ পোহনীয়া পশুধন বিক্ৰী কৰি , হালৰ গৰু ,ৰোৱাৰ মাটি বন্ধকত থৈ ৰাজ্যখনৰ বিভিন্ন স্ত্ৰীৰোগ বিশেষজ্ঞ চিকিৎসকৰ চিকিৎসা গ্ৰহণ কৰিও আৰোগ্য লাভ নকৰাত চিন্তিত দুৰ্ভগীয়া অভিভাৱক।  চিকিৎসকৰ পৰামৰ্শ গুৱাহাটী অথবা ৰাজ্যৰ বাহিৰৰ উন্নত চিকিৎসালয়ত তাৎক্ষণিক ভাৱে ভৰ্তি কৰোৱাৰ । প্ৰায় ৪ লক্ষাধিক  পুঁজিৰ প্ৰয়োজনীয়তা থকা এই উন্নত চিকিৎসাকলৈ চিন্তিত কিশোৰী গৰাকীৰ লগতে হতভাগা পিতৃ -মাতৃ ।

ঘৰৰ অৱশিষ্ট লাম লাকটু বিক্ৰী কৰিলেও ইমান পুঁজি সংগ্ৰহ নোহোৱাত পৰিয়ালতো কান্দোনত ভাগি পৰিছে। দুচকুৰ অসীম ৰঙীন সপোন অকালতে নিৰ্বাপিত হোৱাৰ অপ্ৰকাশ্য যন্ত্ৰনাই খুলি খোৱা মায়াশ্ৰীৰো অশ্ৰু সিক্ত নয়নেৰে সকাতৰ আহ্বান শুভানুধ্যাযীলৈ । " মোৰ পঢ়াৰ বহুত হেঁপাহ আছে । কিন্তু মোৰ চিকিৎসাৰ বাবে ইমান টকা নাই । মোক আপোনালোকে অলপ সহায় কৰক।"

ৰোগাক্ৰান্ত মায়াশ্ৰীৰ পিতৃ-মাতৃয়েও শুভাকাংক্ষী সুহৃদ ৰাইজ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ,স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক নৱ দলেলৈ কৰযোৰে প্ৰাৰ্থনা । সাধ্য অনুসৰি আৰ্থিক সহায় আগবঢ়াই জটিল ৰোগত আক্ৰান্ত কিশোৰী গৰাকীক নৱ জীৱন দান কৰক।  নিজ দুহিতাৰ  চিকিৎসাত সৰ্বশ্ৰান্ত পৰিয়ালটোৰ মুৰব্বী বিমলা প্ৰসাদ চুতীয়াই তেওঁৰ  ইণ্ডিয়ান বেংকৰ একাউণ্ট নম্বৰ ২২৫৭৯৭৪৭০৬৩ (আই এফ এছ চি  আই ডি আই বি০০০বি৭০৬) ত যোগে আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে +91 91010 83134 মবাইল নম্বৰত যোগাযোগ কৰি দিহা পৰামৰ্শ প্ৰদানৰ আহ্বান জনাইছে।