অসম

পাকিস্তানৰ সমৰ্থক ৰেহানা ছুলতানা পলাতক! গ্ৰেপ্তাৰৰ বাবে বিচাৰি ফুৰিছে আৰক্ষীয়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ আৰক্ষীয়ে সন্ধান পোৱা নাই ৰেহানা ছুলতানাৰ। ফেচবুকত দিয়া এটা পোষ্টক লৈ জালুকবাৰী আৰক্ষীয়ে ৰুুজু কৰিছিল নিজাববীয়াকৈ এটা গোচৰ। এই গোচৰৰ সন্দৰ্ভত সোধ পোছ কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰীগৰাকীক বিচাৰি জালুকবাৰী আৰক্ষীয়ে তেওঁৰ ঘৰলৈ গৈছিল যদিও, বিচাৰি পোৱা নাই ছাত্ৰীগৰাকীক।

জালুকবাৰী আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পাকিস্তানৰ সমৰ্থনত ফেচবুকত দিয়া এটা তিনিবছৰীয়া পোষ্টক লৈ এই গোচৰ ৰুজু হোৱাৰ পাছত আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ সন্ধান অব্যাহত ৰাখিছে। পাকিস্তানৰ আনন্দত চামিল হৈছো বুলি শত্ৰু ৰাষ্ট্ৰখনক এক প্ৰকাৰৰ সমৰ্থন কৰি ৰেহানাই দিছিল এই পোষ্ট।

জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে সংবাদমাধ্যমক জানিবলৈ দিয়া অনুসৰি, আৰক্ষীয়ে তেওঁক বিচাৰি আছে আৰু তেওঁক পালে গ্ৰে্প্তাৰৰ সম্ভাৱনা আছে। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কেও ৰেহানাৰ ম'বাইলত যোগাযোগৰ চেষ্টা কৰিছিল যদিও, তেওঁৰ ম'বাইল বন্ধ কৰি থোৱা আছে।

আৰক্ষীয়ে ইতিমধ্যে তেওঁ যে পলাতক সেই কথা স্বীকাৰ কৰিছে। উল্লেখযোগ্য যে, ৰেহানাৰ বিৰুদ্ধে জামিন বিহীন গোচৰ ৰুজু হৈ আছে আৰু তেওঁক পালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব। ফেচবুকত সততে সৰৱ হৈ থকা ৰেহানাৰ ছুলতানাৰ ফেচবুক একাউণ্টো নিস্ক্ৰিয় হৈ আছে।

মিঞা কবিতাক লৈ কিছুদিনৰ আগলৈকে সৰৱ হৈ থকা ৰেহানা ছুলতানাৰ ফেচবুক পোষ্টক লৈ আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ পাছতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষিকা ছাত্ৰীগৰাকী ক'ত এইদৰে অন্তঃধান হ'ল তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে।